চিকিৎসাধীন হৈ থকা তিনি ছাত্ৰ নেতাক সাক্ষাৎ বিধায়িকা অজন্তা নেওগ আৰু বিস্মিতা গগৈৰ

ৌ

গোলাঘাটৰ পৰা মীনাক্ষী ফুকন
নাগৰিকত্ব সংশোধনী বিধেয়ক বিধেয়কৰ বিৰুদ্ধে সংগ্ৰাম কৰিবলৈ গৈ বৰ্তমানেও কাৰাৰুদ্ধ হৈ থকা তিনি ছাত্ৰ নেতাই কাৰাগাৰতে অনশন কাৰ্যসূচী গ্ৰহণ কৰি অসুস্থ হৈ বৰ্তমানেও গোলাঘাটৰ কুশল কোঁৱৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সম্পাদক বিদ্যু শইকীয়া, সদৌ চুতীয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সম্পাদক মহেন বৰা, জাতীয়তাবাদী যুৱ-পৰিষদৰ জিলা সাংগঠনিক সম্পাদক ৰাজীৱ লস্কৰক বিগত দিনত বিভিন্ন দল-সংগঠনে সাক্ষাৎ কৰে৷ 

প্ৰাক্তন মন্ত্ৰী তথা অগপ দলৰ অন্যতম নেতা অতুল বৰা, সাংসদ গৌৰৱ গগৈ আদিয়েও সাক্ষাৎ কৰি বিধেয়ক বিৰোধিতা কৰি যোৱাৰ আশ্বাস দিয়ে৷ লগতে আজি গোলাঘাট সমষ্টিৰ বিধায়িকা প্ৰাক্তন কেবিনেট মন্ত্ৰী অজন্তা নেওগ, প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈয়ে ছাত্ৰ নেতাকেইজনৰ স্বাস্থ্যৰ বুজ লয়। জাতিধ্বংসী বিধেয়ক বিৰোধিতা কৰি যোৱাৰ প্ৰতিশ্ৰুতি দিয়ে। ইফালে, সদৌ চুতীয়া ছাত্ৰ সন্থাই ছাত্ৰ নেতা কেইজনৰ মুক্তিৰ দাবীত কাইলৈ পুৱা ৫ বজাৰ পৰা ১২ ঘন্টীয়া গোলাঘাট জিলা বন্ধ ঘোষণা কৰিছে।

Your Comments