বৰাকৰ বিজেপি নেতাৰ অসমীয়া ছাত্ৰক ভাবুকি : তীব্ৰ প্ৰতিক্ৰিয়া

ৌ

বৰাক উপত্যকাত অসমীয়া আৰু খিলঞ্জীয়াক বিজেপি নেতাই ভাবুকি প্ৰদান কৰাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ বৰাকৰ বিজেপি নেতা তথা অধিবক্তা প্ৰদীপ দত্ত ৰয়ে শিলচৰস্থিত অসম বিশ্ববিদ্যালয়ত অসমীয়া আৰু খিলঞ্জীয়াৰ নামভৰ্তি বন্ধ কৰিব বুলি ভাবুকি দিছে৷ বিশ্ববিদ্যালয়খনৰ একাংশ ছাত্ৰই জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰাৰ পিছতেই বিজেপি নেতাজনে এনেদৰে ভাবুকি প্ৰদান কৰে৷

লগতে প্ৰদীপ দত্তই অসমীয়া ছাত্ৰক জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত নকৰিবলৈ সকীয়াই দিয়ে৷ তেওঁ প্ৰতিবাদী ছাত্ৰসকলক উদ্দেশ্য কৰি কয়- 'অসমীয়া ল'ৰাহঁত পঢ়িবলৈ আহিছা পঢ়া, ৰাজনীতি নকৰিবা৷ ইয়াত অসমীয়া আৰু খিলঞ্জীয়াৰ এনে প্ৰতিবাদ সহ্য কৰা নহ'ব৷' অসম গণ পৰিষদ আৰু আছুৱে বিৰোধিতা কৰাৰ পিছতো বৰাক উপত্যকালৈ বিশ্ববিদ্যালয়খন আনিছিলো বুলিও মন্তব্য কৰে বিজেপি নেতাজনে৷ বিজেপি নেতাজনৰ উল্লিখিত অসমীয়া বিৰোধী কামকাজৰ তীব্ৰ সমালোচনা কৰিছে ৰাজ্যৰ সচেতন মহলে৷

Your Comments