জাতিধ্বংসী নাগৰিত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি অৱশেষত শাসকীয় বিজেপি দলৰ সৈতে অগপ দলে মিত্ৰতা ভংগ কৰাৰ লগতে মন্ত্ৰীপদৰ পৰা পদত্যাগ কৰা জ্যেষ্ঠ অগপ নেতা তথা বঙাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ফণীভূষণ চৌধুৰীয়ে আজি পুৱা ৰে'লযোগে নিজ সমষ্টিত উপস্থিত হয় ৷ প্ৰাক্তনমন্ত্ৰীগৰাকীয়ে পুৱা নামনিমূৱা ৰাজধানী এক্সপ্ৰেছ ৰে'লযোগে গুৱাহাটীৰ পৰা নিউ বঙাইগাঁও ৰেলৱে জংচনত উপস্থিত হোৱাৰ লগে লগে দলীয় নেতা-কৰ্মী তথা সমৰ্থকসকলে তেওঁক ফুলাম গামোচা, ফুলৰ মালা আদিৰে আদৰণি জনায়৷
দলীয় কৰ্মী-সমৰ্থকৰ উষ্ম আদৰণিত উচুপি উঠে বিধাক ফণীভূষণ চৌধুৰী ৷ উল্লেখ্য যে মন্ত্ৰী পদত্যাগ কৰা ফণীভূষণ চৌধুৰীয়ে পুৱা ৰে'লযোগে নিজ গৃহ সমষ্টি বঙাইগাঁওলৈ আহিব বুলি জানিব পাৰি পূৰ্বৰে পৰা বিধায়কগৰাকীক আদৰণি জনাবলৈ নিউ বঙাইগাঁও ৰেলৱে জংচনত উপস্থিত হৈছিল ভালেসংখ্যক দলীয় কৰ্মীৰ লগতে সমৰ্থক৷ সেইদৰে ৰে'লৱে জংচনৰ বাহিৰত সাজু কৰি ৰখা হৈছিল বেন পাৰ্টীৰ দলো ৷ বিধায়কগৰাকী ৰে'লযোগে নিউ বঙাইগাঁও ৰে'লৱে জংচনত আহি উপস্থিত হোৱাৰ লগে লগে দলীয় নেতা-কৰ্মীসকলে তেওঁক আগুৰি ধৰি উষ্ম আদৰণি জনায় ৷
আনহাতে বাহিৰত বেন পাৰ্টীত বাজি উঠে দেশপ্ৰেমমূলক গীত 'দিল দিয়াহে জানভি ডেংগে' শীৰ্ষক গীতটি ৷ বিধায়কগৰাকীক এইদৰে বীৰৰ দৰে আদৰণি জনোৱাত উচুপি উঠে তেওঁ ৷ সাৱটি ধৰে বিভিন্নজনক ৷ পিচত বিধায়কগৰাকী বাহনযোগে দলীয় কাৰ্যালয়ত উপস্থিত হয় ৷ বিধায়কগৰাকীক দলীয় কৰ্মী তথা সমৰ্থকসকলে মটৰ চাইকেল সমদলেৰে দলীয় কাৰ্যালয়লৈ আদৰি আনে ৷ বিধায়কগৰাকী কাৰ্যালয়ত উপস্থিত হোৱাৰ পিচত কিছুসময় দলীয় নেতা-কৰ্মীৰে মত-বিনিময় কৰাৰ পিচত গৃহাভিমুখে যায় ৷
ইপিনে ৰেলৱে জংচনত উপস্থিত হোৱাৰ পিচতে বিধায়কগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে ৰাইজৰ লগত আমি সদায়ে থাকিম৷ আগতেও আছিলো আৰু এতিয়াও থাকিম ৷ এতিয়া মোৰ বঙাইগাঁও সমষ্টিৰ জনসাধাৰণৰ প্ৰতি প্ৰথম দায়িত্ব আৰু কৰ্তব্য হ'ব ৷ মই মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰোতে গোটেই অসমৰ কথা চিন্তা কৰিব লাগিছিল ৷ এতিয়া তাৰ পৰা কিছুহ'লেও ৰেহাই পাইছো ৷
কিন্তু যিটো ইছ্যুলৈ তথা বিষয়লৈ আমি মন্ত্ৰীত্ব ত্যাগ কৰিছো সেই বিষয়টো কেতিয়াও হ'বলৈ নিদিও আৰু আমি অটল হৈ আছো আৰু এই মুহুৰ্তত আমি জনসাধাৰণক লগতলৈ এই সমস্যাটো সমাধান কৰাৰ বাবে তথা এই বিধেয়কখন যাতে ভবিষ্যতে আৰু কেতিয়াও আহিব নোৱাৰে তাৰ ব্যৱস্থা আমি অসমবাসী ৰাইজৰ সহযোগত কৰিবলৈ আগবাঢ়ি যাম ৷ ইপিনে মিত্ৰতা ভংগ কৰাৰ পলম হ'ল বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত বিধায়কগৰাকীয়ে কয় যে দেৰি হোৱা নাই ৷
আমি কৈছিলো যে বিধেয়কখনৰ বিৰুদ্ধে শেষমুহুৰ্তলৈকে যুঁজ দিম আৰু আমি বিষয়টো জানিব পাৰি দুদিন আগতে গৃহমন্ত্ৰীক সাক্ষাৎ কৰিছিলো ৷ গৃহমন্ত্ৰীক সাক্ষাৎ কৰাৰ সময়ত তেখেতে যেতিয়া আমাক ক'লে যে এই বিধেয়কখন উত্থাপন হ'ব, তেতিয়া আমি লগে লগে এই মিত্ৰতা ভংগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলো ৷ আমি আচলতে পৰহিয়েই (মঙলবাৰে) পদত্যাগ কৰিব লাগিছিল ৷ কিন্তু যিহেতু যোৱা পৰহি সদৌ অসম ছাত্ৰ সন্থা আদিকে ধৰি কিছু জনজাতীয় সংগঠনে অসম বন্ধ দিছিল আৰু অসম বন্ধ থকাৰ কাৰণে তেওঁলোকৰ প্ৰতি সন্মান জনাই কালি আমি পদত্যাগ পত্ৰ প্ৰদান কৰিছো ৷
আনহাতে লোকসভা নিৰ্বাচনত মিত্ৰতা হোৱাৰ সম্ভাৱনা আছে নেকি বুলি সাংবাদিকে সোধা আন এক প্ৰশ্নত বিধায়ক ফণীভূষণ চৌধুৰীয়ে কয় যে আমি আমাৰ স্থিতি অক্ষুণ্ণ ৰখাৰ স্বাৰ্থক পৰৱৰ্তী সময়ত এই বিষয়বিলাক সংক্ৰান্তত দলৰ মজিয়াত আলোচনা কৰিম আৰু আলোচনা কৰি নিশ্চয় সিদ্ধান্ত গ্ৰহণ কৰিম ৷ বিধায়কগৰাকীয়ে অসম গণ পৰিষদ দলৰ নেতৃত্ব সাল-সলনি হোৱাৰ কোনো সম্ভাৱনা নাই বুলি কৈ আমি ঐক্যবদ্ধ হৈ আছো বুলিও কয় ৷ লগতে দলৰ নেতৃত্বৰ প্ৰশ্ন এই মুহুৰ্তত অহা নাই বুলি কৈ আমাৰ সকলোৰে মাজত বুজা মেলা আছে আৰু আমাৰ ঐক্যতা বাহাল আছে বুলিও কয় ৷
সেই দৰে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয় সন্দৰ্ভত তেওঁ কয় যে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে যি পদক্ষেপ গ্ৰহণ কৰিছে তাক আমি স্বাগতম জনাব লাগিব ৷ কিন্তু এই বিষয়টো আমি চালি জাৰি নোচোৱাকে এই মুহুৰ্তত আমি মন্তব্য দিব বিচৰা নাই ৷ কিন্তু আমি এই বিষয়টোক স্বাগতম জনাইছো ৷ উল্লেখ্য যে বঙাইগাঁও বিধানসভা সমষ্টিৰ এইগৰাকী বিধায়কৰ সমষ্টিটোত আছে অভূতপূৰ্ব জনপ্ৰিয়তা ৷ যাৰ বাবে আজিলৈকে বিগত ১৯৮৫ চনৰ পৰা একেৰাহে সমষ্টিটোৰ পৰা নিৰ্বাচিত হৈ আহিছে৷
- Log in to post comments
- 131 views