মিচিং স্বায়ত্তশাসিত পৰিষদৰ প্ৰাৰ্থিত্বপ্ৰত্যাশীৰ ভিৰ

মিচিং স্বায়ত্তশাসিত পৰিষদৰ প্ৰাৰ্থিত্বপ্ৰত্যাশীৰ ভিৰ

ৰাজ্যখনৰ দুখন স্বায়ত্তশাসিত পৰিষদ সোণোৱাল কছাৰী আৰু ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ লগতে মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অহা ২১ জানুৱাৰীত অনুষ্ঠিত কৰাৰ কথা ৰাজ্যিক নিৰ্বাচনী আয়োগে ঘোষণা কৰিছে৷ নিৰ্বাচনৰ দিন ঘোষণাৰ পিছত ৯৯নং মাজুলী বিধানসভা সমষ্টিৰ অন্তৰ্গত তিনিটা পৰিষদীয় সমষ্টিৰ নিৰ্বাচনৰ বাবে তৎপৰ হৈছে বিভিন্ন ৰাজনৈতিক দল। মাজুলীৰ তিনিটা ক্ৰমে ৩০নং চাংগা মাজুলী, ৩১নং ফুলনি জকাইবোৱা আৰু ৩২নং ৰাদাং ৰিক্কং সমষ্টিয়ে সন্মিলিত গণশক্তিৰ দলৰ দখলত আছে।

শাসকীয় দলটোৰ ভিতৰত এইবাৰ প্ৰাৰ্থিত্বপ্ৰত্যাশী লোক ব্যাপক হাৰত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। জানিব পৰামতে, ৩০নং চাংগা মাজুলী সমষ্টিত পূৰ্বৰ জনপ্ৰতিনিধি নীলকান্ত দলেই পুনৰ প্ৰাৰ্থিত্ব বিচৰাৰ লগতে এম এম কে কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰেমধৰ দলে আৰু গণশক্তি উজনি ব্লকৰ সভাপতি প্ৰদীপ পেগুৱে প্ৰাৰ্থিত্ব বিচাৰিছে।

একেদৰে ৩১নং ফুলনি জকাইবোৱা সমষ্টিৰ প্ৰাক্তন সাধাৰণ সদস্যা ববিতা নৰহ, ৰঞ্জিত গাম, ত্ৰৈলোক্য পামেগাম আৰু অৰুণ গাম আৰু ৩২নং ৰাদাং ৰিক্কং সমষ্টিত গণশক্তিৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি ৰঞ্জিত দলে, এম এম কে মাজুলী জিলা সমিতিৰ সভাপতি উমা পাঠৰী, প্ৰাক্তন টি এম পি কে মাজুলী জিলা সমিতিৰ সভাপতি নৃপেন কামান আদিয়ে প্ৰাৰ্থিত্ব বিচাৰিছে।

ইপিনে কংগ্ৰেছৰ পৰা ৰাদাং ৰিক্কং সমষ্টিত শোৱন দলে, বিজেপিৰ হৈ প্ৰফুল্ল পেগু, বলো পায়েং, ফুলনি জকাইবোৱা সমষ্টিত বিজেপিৰ কিশোৰ গাম, ৰমেন ৰেগন, কংগ্ৰেছৰ বলিৰাম নৰহ, দিগন্ত পামেগাম, প্ৰাঞ্জল পগাগ আৰু ৩০নং চাংগা মাজুলীত কংগ্ৰেছৰ দাইৰি দলে, ভাইটি পেগু, ঘন কুলি আৰু বিজেপিৰ ফীৰোজ পেগু, অজিত পেগু, শিশুধৰ দলে আদিয়ে প্ৰাৰ্থিত্ব বিচৰা বুলি জানিব পৰা গৈছে।

Your Comments