শস্য-মৎস্যৰে নদন-বদন মাজুলীৰ কৃষকসকলে এমাহজোৰা সীমাহীন ব্যস্ততাৰে সোণগুটি চপোৱাৰ পিছত এতিয়া ব্যস্ত হৈ পৰিছে অসমীয়াৰ বাপতিসাহোন ভোগালী বিহুক আদৰাৰ পৰ্বত। অসমীয়া জাতীয় জীৱনৰ আধাৰস্বৰূপ অতি আদৰৰ ভোগালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা সময়ত মৰমৰ বিহুটিক আদৰাৰ বাবে বিভিন্ন গাঁৱৰ যুৱকসকলে সমগ্ৰ মাজুলীতে ভেলাঘৰ নিৰ্মাণেৰে চলাইছে এক অঘোষিত প্ৰতিযোগিতা।
উজনি মাজুলী উন্নয়ন খণ্ডৰ অন্তৰ্গত দুই নং ফুলনি গাঁৱৰ যুৱকসকলে যোৱা এপষেক ধৰি দিনে-নিশাই চলোৱা এক প্ৰস্তুতিৰ অন্তত সাজি উলিওৱা হৈছে আহোম স্বৰ্গদেউৰ কৃতীচিহ্ন ৰংঘৰ আৰ্হিৰ ভেলাঘ । গাঁওখনৰ সমীপত থকা বিভিন্ন ধাননি পথাৰৰ পৰা সংগ্ৰহ কৰা কেৱল নৰা আৰু বাঁহেৰে নিৰ্মাণ কৰা হৈছে এই ভেলাঘৰ। দীঘলে ৭০ ফুট, বহলে ৩০ ফুট আৰু ২০ ফুট উচ্চতাৰ বৃহৎ আকাৰৰ ভেলাঘৰ নিৰ্মাণ কৰা হৈছে।
দুই নং ফুলনি যুৱক সংঘৰ সভাপতি কাংকু শইকীয়া, সম্পাদক বিজয় শইকীয়া, সদস্য মনোজ কলিতা, প্ৰশান্ত বৰা, জয় বৰা, দেৱজিৎ কলিতা আদিৰ নেতৃত্বত দৈনিক ৩০গৰাকী যুৱকে অবিৰতভাৱে এই ভেলাঘৰ নিৰ্মাণত ব্যস্ত হৈ পৰিছে। বৰ্তমান নিৰ্মাণকাৰ্য ৯৯ শতাংশ সম্পূৰ্ণ হোৱা বুলি ভোগালী বিহু উদ্যাপন সমিতিৰ সদস্য মনোজ কলিতাই জানিবলৈ দিছে। এই ৰংঘৰ আৰ্হিৰ ভেলাঘৰে সমগ্ৰ মাজুলীতে এইবাৰৰ ভেলাঘৰ নিৰ্মাণৰ অঘোষিত প্ৰতিযোগিতাত শীৰ্ষ স্হান দখল কৰিবলৈ সক্ষম হৈছে।
ইপিনে ফুলনিৰ কুঁহিয়াৰবাৰীত কাৰেংঘৰ, জামুৱনীত জাপানৰ টকিঅ'জ হোম আৰ্হিৰ ভেলাঘৰ নিৰ্মাণ কৰি উলিওৱা হৈছে। তদুপৰি, মাজুলীৰ বিভিন্ন প্ৰান্তত এইদৰে চলিছে ভেলাঘৰ নিৰ্মাণকাৰ্য। উল্লেখ্য যে সকলোৰে প্ৰাণৰ এই ভোগালী বিহুত অদৃশ্যৰ চৰণত সেৱা ল'বৰ বাবে ন-সাজেৰে অসমীয়া সংস্কৃতিৰ সম্পদ তামোল-পাণ, পিঠাগুৰি, ফুলাম গামোচা, ধূপকাঠি, ধূপ-ধূনা আদি আগবঢ়াব, যাতে পথাৰত শস্য, ধন-সম্পত্তিৰ লগতে সকলোধৰণৰ অপায়-অমংগল আঁতৰ কৰি সুখ-শান্তিৰ এক সুন্দৰ পৰিৱেশত জীয়াই থাকিব পাৰে।
- Log in to post comments
- 83 views