নলবাৰী চহৰৰ সমিপতে থকা, বালিকৰিয়াৰ ঐতিহ্যমণ্ডিত মহাপ্ৰভু শ্ৰীশ্ৰী বাসুদেৱ দেৱালয়ৰ ২৬৩ সংখ্যক বাৰ্ষিক সভা মহোৎসৱ অইন বেলিৰ দৰে, এই বেলিও মাঘ মাহৰ পূ্ৰ্ণিমা তিথিৰ লগত সংগতি ৰাখি অহা ৫, ৬ আৰু ৭ মাঘ (২০, ২১ আৰু ২২ জানুৱাৰী) ৰবিবাৰ, সোমবাৰ আৰু মঙ্গলবাৰে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰিবলৈ মানস কৰা হৈছে।
বাৰ্ষিক সভাখন সুকলমে পৰিচালনা কৰাৰ বাবে প্ৰাণেশ্বৰ বৰ্মনক সভাপতি, কল্যাণ বৰ্মনক কাৰ্যকৰী সভাপতি আৰু বিৰেন দত্তক সম্পাদক হিচাপে দ্বায়িত্ব অৰ্পন কৰা হৈছে । বাৰ্ষিক সভাৰ লগত সংগতি ৰাখি প্ৰকাশ পাবলগীয়া স্মৃতিগ্ৰন্থৰ কুমুদ ডেকাক সভাপতি প্ৰদীপ কুমাৰ বৰ্মনক কাৰ্যকৰী সভাপতি আৰু ৰুবুল বৰ্মনক সম্পাদক হিচাপে দায়িত্ব অৰ্পণ কৰিছে। সভা মহোৎসৱৰ প্ৰথম দিনা অৰ্থাৎ ৫ মাঘ, দেওবাৰে পুৱা ৯.৩০ বজাত বাৰ্ষিক সভাৰ পতাকা উত্তোলন কৰিব ২৬৩ সংখ্যক বাৰ্ষিক সভাৰ সভাপতি প্ৰাণেশ্বৰ বৰ্মনে৷
পুৱা ৯.৪০ বজাত ছহিদ তৰ্পণ অনুষ্ঠানত উপস্থিত থাকিব সদৌ নলবাৰী জিলা ছাত্ৰ সন্থা সাধাৰণ সম্পাদক অক্ষয় ডেকাই। পুৱা ১০ বজাত গছপুলি ৰোপণ কৰিব ক্ৰমে বাসুদেৱ দেৱালয় পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি দীপক চৌধুৰী অঃ জাঃ যুঃ ছাঃ পঃ, নলবাৰী চহৰ সমিতিৰ সভাপতি প্ৰাঞ্জল কলিতাই। পুৱা ১০.৩০ বজাত বালিকৰিয়া গাঁৱৰ বয়োজ্যেষ্ঠসকলক সম্বৰ্ধনা জনোৱা হ'ব। পুৱা ১১ বজাত মহাপ্ৰভু শ্ৰীশ্রী বাসুদেৱ বিগ্ৰহলৈ ধৰ্মীয় শোভাযাত্ৰা কৰা হ'ব, শোভাযাত্ৰাৰ দ্বাৰ উন্মোচন কৰিব বাসুদেৱ দেৱালয় পৰিচালনা সমিতি সম্পাদক অনন্ত বল্লভ শৰ্মাই।
আবেলি ২ বজাত ভোগ বিতৰণ আৰু ৪ বজাত লোকগীত প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। সন্ধিয়া ৫.৩০ বজাত শ্ৰীশ্রী বাসুদেৱৰ বিগ্ৰহ সভা মণ্ডপত স্থাপন আৰু সভাৰ বন্তি প্ৰজ্বলন কৰিব স্থানীয় বিধায়ক অশোক শৰ্মাই, ৫.৪৫ বজাত আতছবাজী প্ৰজ্বলন কৰিব ২৬৩ সংখ্যক বাৰ্ষিক সঃ মঃ উঃ সঃ উপদেষ্টা ৰামচৰণ বৰ্মনে, সন্ধিয়া ৬.১৫ বজাত বাৰ্ষিক সভা পৰিচালনা সমিতিৰ সভাপতি প্ৰানেশ্বৰ বৰ্মনৰ সভাপতিত্বত অনুষ্ঠিত সভাত সভা উদ্বোধন কৰিব, নৰ্থ-ইষ্ট কেন্সাৰ ৰিচাৰ্চ ইনষ্টিটিউট, গুৱাহটীৰ অধ্যক্ষ গণেশ তামুলীয়ে।
মুখ্য অতিথি হিচাপে উপস্থিত থাকিব, বিত্ত, স্বাস্থ্য পৰিয়াল কল্যাণ, পৰিকল্পনা আৰু উন্নয়ন, গড়কাপ্টানি বিভাগৰ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, লগতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব নলবাৰী জিলা উপায়ুক্ত সঞ্জীৱ কুমাৰ দাস আৰু নলবাৰী বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ অতুল চন্দ্ৰ হালৈয়ে। আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব নলবাৰী অঃ ৰাজহ চক্ৰ বিষয়া বনশ্রী ডেকা আৰু , ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সম্পাদক কিশোৰ উপাধ্যাই।
নিশা ৭ বজাত বাসুদেৱ দেৱালয়ৰ প্ৰতিষ্ঠাপক পুন্যাত্মা গদা কাঁজি স্মৃতি সৌধত শ্ৰদ্ধাঞ্জলি নিবেদিব নলবাৰী বাণিজ্য মহাবিদ্যালয় প্ৰবক্তা কনক চন্দ্ৰ বৰ্মনে। নিশা ৮ বজাত মহিলা নাগাৰা নাম পৰিবেশন কৰিব পাঠিকাদ্বয় ক্ৰমে গিতাঞ্জলী কলিতা আৰু ৰুণুমী নাথে। নাগাৰা নাম উদ্বোধন কৰিব বিশিষ্ট নাট্যকাৰ আৰু পৰিচালক বিপুল বৈশিষ্ট্য গোস্বামীয়ে ।
৬ মাঘ সোমবাৰে পুৱা মহাপ্ৰভু শ্রীশ্রী বাসুদেৱৰ প্ৰাতঃস্নান আৰু পূজা আৰম্ভ । পুৱা ১০ বজাত আয়তীৰ দিহানাম আৰু হোম যজ্ঞ আৰম্ভ হ'ব। দুপৰীয়া ১২ বজাত ওজাপালি পৰিবেশন আৰু হোম শান্তি প্ৰদান কৰা হ'ব। দুপৰীয়া ১.৩০ বজাত ৰাজহুৱা ভোগ বিতৰন । ভোগ ক্ষেত্ৰ উদ্বোধন কৰিব মনোৰঞ্জন শৰ্মাই। সন্ধিয়া ৫ বজাত সান্ধ্য আৰতি প্ৰদান কৰা হ'ব । সন্ধিয়া ৬.৩০ বজাত চিলাৰায় বীৰনাম দল, চেঙা (বৰপেটা)ৰ দ্বাৰা নাম পৰিবেশন কৰা হ'ব। নিশা ৯ বজাত প্ৰাচীন কামৰূপ ঢুলীয়া দল, কৈহাটীৰ দ্বাৰা ঢুলীয়া প্ৰদৰ্শন কৰা হ'ব। ৭ মাঘ মঙ্গলবাৰে পুৱা ৯ বজাত শ্রীশ্রী মহাপ্ৰভু বাসুদেৱৰ প্ৰাতঃস্নান আৰু পুজা আৰম্ভ কৰা হ'ব।
পুৱা ১০ বজাৰ পৰা মহিলাৰ দিহা নাম প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা, হোম শান্তি প্ৰদান আৰু ভোগ বিতৰন কৰা হ'ব। সন্ধিয়া ৫.৩০ বজাত মুকলি সভা অনুষ্ঠিত হ'ব । উক্ত সভাত সভাপতিত্ব কৰিব চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধক্ষ তাৰিণী চন্দ্ৰ দত্তই, মুখ্য অতিথিৰ আসনত থাকিব সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা, ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই । বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব, দুৰ্যোগ, প্ৰশমন বিভাগৰ উপ সচিব ফণিন্দ্ৰ নাথ চক্ৰৱৰ্ত্তী আৰু গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ কাৰ্য্যবাহী বিষয়া বিভু দত্তই। আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব নলবাৰী জিলা আৰক্ষী অধীক্ষক শিলাদিত্য চেতিয়াই ।
বাৰ্ষিক সভাৰ স্মৃতিগ্ৰন্থ উন্মোচন কৰিব প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই ।সন্ধিয়া ৮-০০ বজাত সাংস্কৃতিক সন্ধিয়া আৰম্ভ হ'ব। সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ উদ্বোধন কৰিব, নলবাৰী ক্ৰীড়া সন্থাৰ সভাপতি প্ৰদ্যুত ভূঞাই আৰু সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব, বোলছবি অভিনেতা তথা বিশিষ্ট সমাজসেৱক দিলীপ দাসে । সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ জনপ্ৰিয় কন্ঠশিল্পী "দিক্ষু" লগতে দৃষ্টিহীন শিল্পীৰ দ্বাৰা সংগীতানুষ্ঠান আৰু নলবাৰী ভি কে ভিৰ দ্বাৰা নৃত্যানুষ্ঠান। নিশা ১১.৫৫ বজাত মূল মণ্ডপলৈ প্ৰত্যাগমনে সভাৰ সামৰণি পৰিব । সমিতিৰ সকলোৰে হৈ বীৰেন দত্তই সভা মহোৎসৱৰসমূহ কাৰ্যসুচীত সকলোৰে সহায়-সহযোগিতা শ্ৰদ্ধাৰে কামনা কৰিছে ।
নলবাৰীৰ পৰা হেমন্ত কলিতা
- Log in to post comments
- 31 views