শিলচৰৰ জনসভাত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ সংসদত গৃহীত কৰিব বুলি ঘোষণা কৰাৰ লগে লগে জুই জ্বলিছে মাজুলীত। অসম চুক্তি আখৰে আখৰে ৰূপায়ণ কৰাৰ প্ৰতিশ্ৰুতি দিয়া ভাৰতৰ প্ৰধান মন্ত্ৰী মোডীৰ এই বক্তব্যৰ পিছতে পুনৰ উত্তাল হৈ পৰিল মাজুলীৰ ৰাজপথ।
নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবীত আজি মাজুলী কমলাবাৰীৰ ৰাজপথত অসম যুৱ-ছাত্ৰ পৰিষদৰ মাজুলী জিলা সমিতিৰ উদ্যোগত অসম সাহিত্য সভা, কৃষক মুক্তি সংগ্ৰাম সমিতি, অগপৰ মাজুলী জিলা সমিতিয়ে বিভিন্ন চৰকাৰবিৰোধী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলাৰ লগতে প্ৰধান মন্ত্ৰীগৰাকীৰ বক্তব্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে।
বিজেপি চৰকাৰ গ’-বেক, নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিল কৰক, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ আদি ধ্বনিৰ লগতে প্ৰধান মন্ত্ৰী মোডী আৰু বিধেয়কখনৰ পুত্তলিকা দাহ কৰে বিভিন্ন দল-সংগঠনে। এই প্ৰতিবাদী কাৰ্যসূচীৰ দ্বাৰা অসম যুৱ-ছাত্ৰ পৰিষদৰ মাজুলী জিলা সমিতিয়ে অবৈধ অনুপ্ৰৱেশকাৰীক বিতাড়িত কৰাৰ দাবী তোলে৷
অন্যথা যুৱ-ছাত্ৰ পৰিষদে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী ল’বলৈ বাধ্য হ’ব বুলি উল্লেখ কৰে।
- Log in to post comments
- 9 views