১৯৬৮ চনত স্থাপিত ৰহাৰ দীঘলিআটিস্থিত জোঙালবলহু গড় ছহিদ স্মৃতি হাইস্কুলৰ সোণালী জয়ন্তীৰ অনুষ্ঠানৰ অহা ৬, ৭, ৮ জানুৱাৰীত বৰ্নাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে৷ ৬ জানুৱাৰীৰ পুৱা বিদ্যালয়ৰ পতাকা উত্তোলনৰ পিছতে সোণালী জয়ন্তী উপলক্ষে ৫০জন বিশিষ্ট ব্যক্তিয়ে ৫০খন পতাকা উত্তোলন কৰিব৷ ৬ জানুৱাৰীৰ দুপৰীয়া স্মৃতিগ্ৰন্থ উন্মোচন কৰিব অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ লক্ষীনন্দন বৰাই ৷
সভাত উপস্থিত থাকিব প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত প্ৰমুখ্যে বহু বিশিষ্ট ব্যক্তিসকলে৷ সন্ধিয়া বিদ্যালয় চৌহদত ৫০ গছি বন্তি প্ৰজ্বলন কৰা হ’ব ৷ ৭ জানুৱাৰীৰ পুৱা অনুষ্ঠিত হ’ব সম্বৰ্ধনা অনুষ্ঠান আৰু 'অন্ধবিশ্বাস, কুসংস্কাৰ আৰু বিজ্ঞান মানসিকতা’ শীৰ্ষক আলোচনাচক্ৰ৷ বিশিষ্ট লেখিকা জীমনি চৌধুৰীয়ে মুকলি কৰিবলগীয়া আলোচনাচক্ৰত উপস্থিত থাকিব প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰকিবুল হুছেইন, বিশিষ্ট লেখক ডঃ খৰ্গেশ্বৰ ভূঞা, অনুসূচীত জাতি উন্নয়ন পৰিষদ, নগাঁৱৰ অধ্যক্ষ তথা কংগ্ৰেছ নেতা দীপ দাস আদি ৷
বিয়লি প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ অন্তৰংগ আলাপ আৰু সন্ধিয়া বিচিত্ৰানুষ্ঠান অনুষ্ঠিত হ’ব৷ ৮ জানুৱাৰীত পুৱা চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব ৷ ৮ জানুৱাৰীত সামৰণি পৰিবলগীয়া সোণালী জয়ন্তীৰ সকলো কাৰ্যসূচীত ৰাইজৰ উপস্থিতে আশা কৰিছে আয়োজকবৃন্দই৷
- Log in to post comments
- 26 views