পিষ্টল দেখুৱাই বেংকৰ মহিলা কৰ্মচাৰীৰপৰা ধন লুট

পিষ্টল দেখুৱাই বেংকৰ মহিলা কৰ্মচাৰীৰপৰা ধন লুট

হোজাই জিলাৰ ডবকা থানাৰ অন্তৰ্গত হিন্দু ব্লকত দিন দুপৰতে এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড সংঘটিত হৈছে ৷ পিষ্টল দেখুৱাই বন্ধন বেংকৰ দুই মহিলা কৰ্মচাৰীক মাৰপিট কৰি ৬০ হাজাৰ টকা লুট কৰি লৈ যায় দুৰ্বৃত্তৰ দলটোৱে ৷

প্ৰাপ্ত তথ্য অনুসৰি হিন্দু ব্লকৰ শ'লমাৰীজান গাঁৱত এই চাঞ্চল্যকৰ ঘটনা  সংঘটিত হয় ৷ হোজাইৰ জিলাৰ যোগীজান বন্ধন বেংকৰ শাখা কাৰ্যালয়ৰ দুগৰাকী মহিলা কৰ্মচাৰী ক্ৰমে জুনমুন কাকতি আৰু ৰাখাল পণ্ডিত নামৰ কৰ্মচাৰীদ্বয়ে গোটৰ পৰা টকা সংগ্ৰহ কৰি কাৰ্যালয়লৈ গৈ থকা অৱস্থাত শ'লমাৰীজানৰ নিৰ্জন ঠাইত দুৰ্বৃত্তই বন্দুক দেখুৱাই টকাখিনি লুট কৰি লৈ যায় ৷

মহিলা কৰ্মচাৰী দুগৰাকীৰ ভাষ্য অনুসৰি হেলমেট পৰিধান কৰি পালচাৰ বাইকত আহিছিল দুই দুৰ্বৃত্ত ৷ মহিলা কৰ্মচাৰীৰ পৰা দুটা মোবাইল ফোনো কাঢ়ি লৈ যায় দুৰ্বৃত্তকেইটাই  ৷ স্থানীয় ৰাইজে দুৰ্বৃত্ত দুটা কৰায়ত্ত কৰিবলৈ খেদি লৈ যায় যদিও ডবকাৰ ফালে পলাই যাবলৈ সক্ষম হয় ৷ ডবকা আৰক্ষীয়ে ঘটনা সংক্ৰান্তত এটি গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ৷

Your Comments