২৮ জুলাইত 'একল অভিযান'ৰ সুৰ তালৰ আয়োজন

ekol

বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত  " একল অভিযানে" এখন সংবাদ মেলৰ আয়োজন কৰে। সংবাদমেল খনত তেওঁলোকৰ দ্বাৰা পৰিচালিত 'একল সুৰ তাল ' নামৰ কাৰ্য‍্যসূচীটোৰ বিষয়ে বিতংব্যখ্যা আগবঢ়াই ।তেওঁলোকে কয় যে প্ৰাচীন কালৰ গুৰুকুল প্ৰথাৰ দৰেই স্বামী বিবেকানন্দৰ আদর্শৰ প্ৰেৰণাৰে গাঁৱে- গাঁৱে একল অভিযানৰ সৌজন‍্যত বিদ্যালয় স্থাপন কৰি আহিছে।

বিদ্যালয় সমূহে বনবাসী গাঁৱৰ ল'ৰা- ছোৱালীসকলক পঢ়াৰ লগতে আধ্যাত্মিক শিক্ষাৰ আভাষ দি আহিছে বুলি দাবী কৰি তেওঁলোকে সমগ্ৰ দেশত বৰ্তমান ৭০ হাজাৰ খনৰো অধিক খনৰো অধিক বনবাসী গাঁৱত একল অভিযানৰ মাধ্যমত একল বিদ্যালয় পৰিচালিত হৈ  আছে বুলি উল্লেখ কৰে। গাঁৱৰ ল'ৰা- ছোৱালীবোৰে এই বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি সংস্কাৰিত হোৱাৰ লগতে কলা- সংস্কৃতিৰ ক্ষেত্ৰত 'একল সুৰ তাল' কাৰ্যক্ৰমৰ মাধ্যমেৰে কলা সংস্কৃতিৰ দিশতো  নিজকে প্ৰতিস্থা লাভ কৰিব সক্ষম হোৱা বুলিও তেওঁলোকে দাবী কৰে।

অহা ২৮ জুলাই তাৰিখে গুৱাহাটী মাছখোৱাৰ আই. টি. এ প্ৰেক্ষাগৃহত ' একল সুৰ তাল'ৰ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰা বুলি উল্লেখ কৰি উক্ত অনুষ্ঠানটোত সকলোৰে উপস্থিত কামনা কৰিছে একল অভিযানে।

Your Comments