কবি, সাংবাদিক তথা সমাজকৰ্মী পাপু বৰাক আজি 'যুৱ কণ্ঠ' উপাধি প্ৰদান কৰে মধ্য মাজুলী যুৱ সমাজে| এই উপলক্ষে ইংৰাজী নৱবৰ্ষৰ পহিলা দিনটোত কবি পাপু বৰাৰ নতুন খলিহামাৰীস্থিত বাসগৃহত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই উপাধি আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়৷
অসমৰ সমাজ, সাহিত্য আৰু সাংস্কৃতিক জগতখনলৈ বিগত সময়ত আগবঢ়োৱা বিশেষ অৱদানৰ বাবে সন্ধ্যা ৬ বজাত এই উপাধি প্ৰদান কৰাৰ কথা মধ্য মাজুলী যুৱ সমাজৰ সভাপতি শংকুসিদ্ধ নাথ আৰু সম্পাদক কিৰণ বৰাই এক বিবৃতিযোগে জানিবলৈ দিছে৷
মধ্য মাজুলী যুৱ সমাজৰ সভাপতি শংকুসিদ্ধ নাথে আঁতধৰা উক্ত অনুষ্ঠানত খৰিছাখোৱা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্রী অনুপ্ৰভা দেৱী, সমাজকৰ্মী সীমান্ত বৰা, সৰবৰহী বৰ্ষীয়ান ধৰ্মপ্ৰাণ মহিলা সুৱাগী নাথকে আদি কৰি পাপু বৰাৰ ভালেসংখ্যক অনুৰাগী উপস্থিত থাকে| উপাধি গ্ৰহণ কৰি কবি পাপু বৰাই যথেষ্ট আনন্দিত বুলি ব্যক্ত কৰাৰ লগতে ভৱিষ্যতৰ দিনত দুগুণ উৎসাহেৰে সমাজৰ হৈ সেৱা কৰি যাব বুলি মতপোষণ কৰে|
- Log in to post comments
- 13 views