নৱবৰ্ষৰ প্ৰথম দিনটোতেই ৰহাত অঘটন : অগ্নিদগ্ধ হৈ মহিলাৰ মৃত্যু

নৱবৰ্ষৰ প্ৰথম দিনটোতেই ৰহাত অঘটন : অগ্নিদগ্ধ হৈ মহিলাৰ মৃত্যু

চৌদিশে নৱবৰ্ষৰ ৰং-আনন্দই বিৰাজ কৰি থকাৰ সময়তে বছৰৰ প্ৰথম দিনাই ৰহাত ঘটিল অঘটন। অবৈধ সম্পৰ্কৰ পৰিণতিত অগ্নিদগ্ধ হৈ মৃত্যু হ'ল এগৰাকী মহিলাৰ। গুৰুতৰভাৱে আহত হ'ল আন এজন যুৱক। মৃত মহিলাগৰাকীৰ নাম ৰূপালী হাজৰিকা আৰু আহত যুৱকজনৰ নাম বিপুল নাথ।

ৰহাৰ গড়মাৰীত এটা ভাড়া ঘৰত আছিল মহিলাগৰাকী। মঙলবাৰে পুৱতি নিশা সংঘটিত হৈছে এই ঘটনা। জানিব পৰা মতে, কৰিমগঞ্জৰ বদৰপুৰৰ তিনি সন্তানৰ মাতৃ, বিধৱা ৰূপালীয়ে ৰহাৰ গড়মাৰিত এটা ভাড়া ঘৰত থাকি ৰহাৰ এখন ধাবাত কাম কৰিছিল। সেই ধাবাতে ৰান্ধনি হিচাপে কাম কৰে বিপুলে।

ফলত দুয়োৰে মাজত অবৈধ সম্পৰ্ক গঢ়ি উঠিছিল আৰু অকলশৰে থকা মহিলাগৰাকীৰ ভাড়া ঘৰলৈ অহা-যোৱা কৰিছিল বিপুলে। সোমবাৰে নিশাও বিপুল আহিছিল ৰূপালীৰ ভাড়া ঘৰলৈ। কিন্তু নিশা প্ৰায় এক বজাত হঠাতে ভাড়া ঘৰটোত চিঞৰ-বাখৰ শুনি প্ৰতিবেশী ভাড়াতীয়াসকল ওলাই আহে আৰু মহিলাগৰাকীক অগ্নিদগ্ধ অৱস্থাত পোৱাৰ লগতে বিপুলক অৰ্ধদগ্ধ অৱস্থাত দেখা পায় আৰু ৰহা আৰক্ষীক খবৰ দিয়ে।

পিচত আৰক্ষী আহি মহিলাগৰাকীক মৃত অৱস্থাত উদ্ধাৰ কৰাৰ লগতে অৰ্ধদগ্ধ বিপুলক প্ৰথমে নগাঁৱৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও অৱস্থা গুৰুতৰ হোৱাত গুৱাহাটীলৈ প্ৰেৰণ কৰে। কেনেকৈ এই ঘটনা সংঘটিত হ'ল সেয়া এতিয়াও পোহৰলৈ অহা নাই।

Your Comments