নগাঁৱৰ পৰা ঋতুপৰ্ণ শৰ্মা
২০১৮ বৰ্ষটোক বিদায় দি নতুন বৰ্ষ ২০১৯ক উষ্ম আদৰণি জনাবলৈ সাজু হৈছে অসমবাসীৰ লগতে নগাঁওবাসীও। ইতিমধ্যে জিলাখনৰ চৌদিশে আয়োজিত হৈছে নৱবৰ্ষক আদৰাৰ বিভিন্ন প্ৰস্তুতি ৷ ২০১৮ বৰ্ষত ৰাইজৰ বাবে আগবঢ়োৱা সেৱাৰ বাবে নগাঁৱৰ প্ৰতিগৰাকী লোকৰ লগতে অসমবাসীক ভূয়সী প্ৰশংসা কৰি আগন্তুক বৰ্ষটোৰ বাবে আশিস নিৰ্মালী প্ৰদান কৰে শ্ৰীশ্ৰী বটদ্ৰৱা থানৰ শ'লগুৰি আৰু নৰোৱা সত্ৰৰ সত্ৰাধিকাৰদ্বয় ক্ৰমে পৰমানন্দ দেৱ মহন্ত আৰু দেবানন্দ দেৱ গোস্বামীয়ে ৷ আগন্তুক বছৰটো সকলোৰে কুশল-মংগল কামনা কৰি গুৰুজনাৰ জন্মস্থান দৰ্শনৰ বাবে দ্বিতীয় বৈকুণ্ঠপুৰী বটদ্ৰৱা ধামলৈ আমন্ত্ৰণ জনায় অসমবাসীক ৷
নগঞা সংবাদিকসকলে প্ৰতিটো মুহূৰ্ততে প্ৰকৃত আৰু সত্যনিষ্ঠ বাতৰি যোগানৰ ক্ষেত্ৰত এক বলিষ্ঠ আৰু গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰিছে বুলি এই সংবাদদাতাৰ আগত নিজৰ মত ব্যক্ত কৰি নগাঁও জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে ২০১৯ চনটো ৰাজ্যখনৰ লগতে ঐতিহাসিক নগাঁও জিলাবাসীৰ বাবে শুভ হ’ব বুলি মন্তব্য কৰি বৰ্তমান মানুহৰ মাজত কৰ্মস্পৃহা বৃদ্ধি হৈছে আৰু এইটো সকলোৰে বাবে এক সু-খবৰ বুলি উল্লেখ কৰে ৷
২০১৯ বৰ্ষৰ আৰম্ভণিৰে পৰা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানে এক নতুন ৰূপ লাভ কৰিব বুলি উল্লেখ কৰি উপাযুক্ত পেগুৱে অসম চৰকাৰৰ পুৰাতত্ত্ব বিভাগৰ জৰিয়তে লাভ কৰা প্ৰায় তিনি কোটিৰো অধিক পুঁজিৰে তেওঁৰ প্ৰত্যক্ষ তত্ত্বাৱধানত ঐতিহাসিক পুণ্যস্থানখনক সুন্দৰকৈ সজাই-পৰাই তোলাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰা বুলি প্ৰকাশ কৰে ৷ অনাগত দিনবোৰত নগাঁওবাসীৰ মাজত শান্তি-একতাৰ লগতে সম্প্ৰীতিৰ এনাজৰী অধিক সুদৃঢ় হ’ব বুলি বিশ্বজিৎ পেগুৱে জানিবলৈ দি সকলোকে ২০১৯ বৰ্ষৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰে ৷
আনহাতে নগাঁও জিলাৰ আৰক্ষী অধীক্ষক শঙ্কৰব্ৰত ৰায় মেধিয়ে ২০১৮ বৰ্ষটো ব্যক্তিগতভাৱো সফল বছৰ বুলি অভিহিত কৰে । তেওঁ বিগত বৰ্ষটোত আইন-শৃংখলা ৰক্ষাৰ ক্ষেত্ৰত জিলাবাসীয়ে আগবঢ়োৱা সহায়ৰ বাবে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে নতুন বৰ্ষতো জিলাখনৰ সকলো শ্ৰেণীৰ লোকৰ মাজত শান্তি-সম্প্ৰীতি আৰু একতা বাহাল থাকিব বুলি আশা ব্যক্ত কৰে ৷ ভাৰতীয় আৰক্ষী সেৱাৰ সুদক্ষ বিষয়া শঙ্কৰব্ৰত ৰায় মেধিয়ে আইন-শৃংখলা ৰক্ষাৰ ক্ষেত্ৰত নগাঁও জিলাবাসীৰ সকলো প্ৰকাৰৰ সহায়-সহযোগিতা কামনা কৰি সকলোলৈকে নববৰ্ষৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰে ৷
- Log in to post comments
- 61 views