চেঙা আবাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰত 'মূলসুঁতিকৰণ' সভা সম্পন্ন

চেঙা আবাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰত 'মূলসুঁতিকৰণ' সভা সম্পন্ন

চেঙাৰ পৰা সুৰজিৎ পাঠক

বৰপেটা জিলাৰ চেঙাত আজি বিভিন্ন প্ৰান্তৰ আধাতে বিদ্যালয় এৰা আৰু কেতিয়াও বিদ্যালয়লৈ নোযোৱা ল'ৰাবোৰক প্ৰয়োজনীয় শিক্ষা প্ৰদানৰ পাছত ছাত্ৰসকলক 'মূলসুঁতিকৰণ'ৰ বাবে এখন সভা অনুষ্ঠিত হয়। চেঙা খণ্ড প্ৰাথমিক শিক্ষা বিষয়া নৱজিৎ বায়নৰ সভাপতিত্বত অনুষ্ঠিত মূলসুঁতিকৰণ সভাখনত চেঙা আবাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণপ্ৰাপ্ত ৩৫গৰাকী ছাত্ৰক মূলসুঁতিকৰণৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হয়।

চেঙা আবাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰত 'মূলসুঁতিকৰণ' সভা সম্পন্ন

চেঙাস্থিত এই আবাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰটো ২০০৩ চনতে স্থাপন হোৱাৰ পাছত বৰ্তমানৰ জিলা আঁচনি বিষয়া ৰঞ্জন দাসৰ তৎপৰতাত অধিক উৎসাহেৰে শিক্ষাকৰ্মীসকলে দায়িত্ব পালন কৰা কেন্দ্ৰটোৰ পৰা বিগত সময়ত ১১ মাহৰ অন্তৰে অন্তৰে ৩০জনৰ পৰা ৭০জনকৈ ছাত্ৰক মূলসুঁতিকৰণ কৰা হৈছে।

উল্লেখ্য যে আজি মূলসুঁতিকৰণ হোৱা ৩৫জন ছাত্ৰক চেঙা খণ্ড প্ৰাথমিক শিক্ষা বিষয়া আৰু চেঙা আবাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰটোৰ বিষয়াসকলে ছাত্ৰসকলৰ বয়স অনুপাতে শ্ৰেণী নিৰ্ধাৰণ কৰি নতুন বৰ্ষত বিদ্যালয়ত নামভৰ্তি কৰাব। এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত আজি অনুষ্ঠিত মূলসুঁতিকৰণ সভাত চেঙা জিলা পৰিষদ সমষ্টিৰ সদ্যনিৰ্বাচিত সদস্য বসন্ত ঠাকুৰীয়াই আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰে।

চেঙা আবাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰত 'মূলসুঁতিকৰণ' সভা সম্পন্ন

ঠাকুৰীয়াই নিজৰ ভাষণত ছাত্ৰসকলক মূলসুঁতিকৰণ মানে গৃহলৈ নহয়, বিদ্যালয়লৈ বুলি উল্লেখ কৰি এজন ভাল মানুহ হ'বলৈ শিক্ষা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। ইয়াৰ আগতে খণ্ড সমল ব্যক্তি খনীন শৰ্মাই আবাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰটোৰ লক্ষ্য আৰু উদ্দেশ্য সন্দৰ্ভত বিস্তৃত ব্যাখ্যা দাঙি ধৰে।

চেঙা বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ অধ্যক্ষজনৰ লগতে শিক্ষক প্ৰমথেশ ঠাকুৰীয়া, চেঙা মুছলমানপাৰা গাঁও পঞ্চায়তৰ সদ্যনিৰ্বাচিত সভাপতি মিৰ্জানুৰ ৰহমানৰ উপৰি কেইবাজনো লোকে মূলসুঁতিকৰণ সভা সন্দৰ্ভত অভিমত দাঙি ধৰে। উল্লেখ্য যে আজিৰ এই সভাতে চেঙা জিলা পৰিষদৰ নিৰ্বাচিত সদস্য বসন্ত ঠাকুৰীয়া আৰু চেঙা মুছলমানপাৰা গাঁও পঞ্চায়তৰ সভাপতিজনক আবাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰা হয়।

Your Comments