প্ৰৱল খহনীয়াত আক্রন্ত বৰলীয়াপাৰবাসী

প্ৰৱল খহনীয়াত আক্রন্ত বৰলীয়াপাৰবাসী

নৈৰ পানীত বাৰিষাৰ সেই চিৰপৰিচিত  ঢল বৰ্তমানেও পৰিলক্ষিত হোৱা নাই যদিও কামৰূপ জিলাৰ ৰঙিয়াৰ মাজেৰে বৈ যোৱা বৰলীয়া নদীৰ গৰাখহনীয়াই ঠায়ে ঠায়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। ৰঙিয়া চহৰৰ সমীপৱৰ্তী বালাগাওঁ,গড়ভিতৰ আদি অঞ্চলত নদী খনৰ খহনিয়াই আটাইতকৈ গুৰুতৰ ৰূপ ধাৰণ কৰিছে।

প্ৰৱল খহনীয়াত আক্রন্ত বৰলীয়াপাৰবাসী

অঞ্চলটোৰ ৰাইজৰ কৃষিভূমি, গছ-গছনিৰ পৰা থকা ঘৰলৈকে সকলো স্থাৱৰ অস্থাৱৰ সম্পত্তিয়েই যেন এতিয়া আক্ৰান্ত হৈ পৰিছে এই খহানিয়াৰ দ্বাৰা। অঞ্চলবাসী ৰাইজে বহুদিনৰ পৰাই জলসম্পদ বিভাগক অৱগত কৰি আহিছে যদিও বিভাগৰ তৰফৰ পৰা এই পৰ্যন্ত খহনীয়া ৰোধৰ কোনো ব্যৱস্থালোৱা পৰিলক্ষিত হোৱা নাই ।

জলসম্পদ বিভাগৰ ওপৰত ক্ষোভ ব্যক্ত কৰি অঞ্চলবাসী ৰাইজে কয় যে বৰলীয়া নদীৰ গৰা খহি খহি আহি এতিয়া আমাৰ ঘৰৰ ভেটিৰ কাষ পালে তাৰ পিছতো বিভাগটোৱে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। এতিয়া আমি মাত্ৰ জীৱকেইটা জাহ যাবলৈহে বাকী থকা বুলি ক্ষোভ প্ৰকাশ কৰি তেওঁলোকে পুনৰ কয় যে আমাৰ কষ্ট উপাৰ্জিত অন্তিম সম্পদ খিনি আৰু আমি জীৱ কেইটা ৰক্ষাৰ স্বাৰ্থত আমি আমাৰ অন্তিম সংগ্ৰামত নামি পাৰিছো।

প্ৰৱল খহনীয়াত আক্রন্ত বৰলীয়াপাৰবাসী

খহনীয়া ৰোধৰ বাবে আমি আমাৰ সম্বলেৰে বস্তাত মাটি ভৰাই ভৰাই খহানিয়াৰ বিৰুদ্ধে আমাৰ জীৱন ৰক্ষাৰ সংগ্ৰাম অব্যাহত ৰাখিছোঁ। জীয়াই থকাৰ স্বাৰ্থতে এই সংগ্ৰাম কৰি যাবলৈ বাধ্য হোৱাৰ কথা উল্লেখ কৰি অঞ্চলবাসীয়ে অত্যন্ত ক্ষোভ আৰু হতাশাৰে কয় যে পৰিৱৰ্তনকামী চৰকাৰৰ দিনতেই যদি আমাৰ এই অৱস্থাৰ কোনো পৰিৱৰ্তন নহয় তেন্তে চৰকাৰে কৈ অহা পৰিৱৰ্তন কাৰ বাবে বুলিও তেওঁলোকে প্ৰশ্ন উত্থাপন কৰে।

Your Comments