বিধায়ক মৃণাল শইকীয়াৰ প্ৰতিকৃতি দাহ 

 বিধায়ক মৃণাল শইকীয়াৰ প্ৰতিকৃতি দাহ 

সদৌ টাই আহোম ছাত্ৰ সন্থা, চমুকৈ আটাছুৰ গোলাঘাট জিলাৰ পুলিবৰ আঞ্চলিক সমিতিয়ে বৃহস্পতি বাৰে পুলিবৰ তিনি আলিত খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ প্ৰতিকৃতি দাহ কৰে । বিধায়কগৰাকীয়ে ছয় জনগোষ্ঠীৰ বিষয়ে উপলুঙাসূচক মন্তব্য কৰাৰ প্ৰতিবাদত আটাছুৱে এই কাৰ্যসূচী ৰূপায়ণ কৰে । আৰু লগতে সংগঠনটোৱে মন্তব্য কৰে যে মৃণাল শ‍ইকীয়াই ছয় জনগোষ্ঠীৰ চিন্তা কৰাৰ সলনি নিজ সমষ্টিৰ উন্নয়ন কথাহে চিন্তা কৰক ।

ভৱিষ্যতে আহোম তথা ছয় জনগোষ্ঠীৰ বিষয়ে বিতৰ্কিত মন্তব্যও নকৰিবলৈও বিধায়কগৰাকীক সকীয়াই দিয়ে প্ৰতিবাদকাৰীয়ে । এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে আটাছু গোলাঘাট জিলা সমিতিৰ যুটীয়া সম্পাদক গৌতম লাহন , জিলা মুখ্য সাংগঠনিক সম্পাদক পাৰ্থ প্ৰতিম কোঁৱৰ, পুলিবৰ আঞ্চলিক সমিতিৰ সভাপতি অজয় ফুকন, যুটীয়া সম্পাদক উজ্জ্বল গগৈ , অংকুৰ কোঁৱৰ ,সহ: সম্পাদক হেমন্ত শইকীয়া আৰু অৰ্দ্ধ শতাধিক আটাছু কৰ্মী । 

Your Comments