বিধ্বস্ত কলাইগাঁও-বেংবাৰী মেকেঞ্জী পথ

bad road assam kalaigaon

কলাইগাঁও-বেংবাৰী মেকেঞ্জী পথটোৰ আধাৰশিলা স্থাপনৰ সাত মাহ উকলি যোৱাৰ পিছটো আৰম্ভ নহ’ল কাম।উল্লেখ্য যে ৭ মাহ পূৰ্বে বিটিচিৰ মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীয়ে কলাইগাঁও সমষ্টিৰ বিধায়ক মহেশ্বৰ বড়ো আৰু বিটিচিৰ দুগৰাকীকৈ কাৰ্যবাহী সদস‍্য ক্ৰমে বনজাৰ দৈমাৰী আৰু জগদীশ সৰকাৰক লগত লৈ ঢাক-ঢোল বজাই পথটোৰ আধাৰশিলা স্থাপন কৰিছিল। পিছে সেয়া মূৰকত ফুটুকাৰ  ফেনত পৰিণত হোৱা পৰিলক্ষিত হৈছে।পথটো সম্পুৰ্ণ বিধ্বস্ত হৈ পৰাত পথচাৰীয়ে যমৰ যাতনা ভুগিছে।

মেকেঞ্জী পথটো কলাইগাঁও বিধান সভা সমষ্টি আৰু পানেৰী বিধানসভা সমষ্টিৰ সংলগ্ন হোৱাৰ উপৰিও বিটিচিৰ মুদৈবাৰী, হৰিশিঙা আৰু খালেংদোৱাৰ পৰিষদীয় সমষ্টি অধীনস্থ। তাৰ পিছতো কাণসাৰ নাই কোনো এগৰাকী জনপ্ৰতিনিধিৰ। বৃহত্তৰ অঞ্চলটোৰ ভিতৰত কলাইগাঁও চহৰলৈ নিতৌ অহা বালিপাৰা, ভোকেলীকাণ্ডা, ভেহগুৰি, খাম্পাহলাকে ধৰি কেইবাখনো গাঁৱৰ জনসাধাৰণ আহুকালত পৰিছে।

ছাত্ৰ-ছাত্ৰীসকল বিদ‍্যালয়লৈ যোৱাৰ ক্ষেত্ৰতো ছাত্ৰ-ছাত্ৰীসকল অসুবিধাৰ সম্মুখীন হৈছে। কলাইগাঁওস্থিত একমাত্ৰ আপদকালীন অগ্নিনিৰ্বাপন বিষয়াৰ কাৰ্যালয় সেই পথটোৰ সমীপত আছে।যি কোনো বিপদত ততাতৈয়াকৈ আহিব লগীয়া হ’লে পথটোৰ দুৰৱস্থাৰ বাবে উপযুক্ত সময়ত ঘটনাস্থলীলৈ আহি নোপোৱাৰ আশংকাই অধিক। অতি শীঘ্ৰে কলাইগাঁও-বেংবাৰী মেকেঞ্জী পথটো পুনৰ নিৰ্মাণৰ বাবে পৰিবৰ্তনকামী বিজেপি চৰকাৰৰ লগতে  আদৰ্শ বিটিচিৰ সপোন দেখুওৱা হাগ্ৰামা মহিলাৰী আৰু বিভাগীয় কৰ্তৃপক্ষক অঞ্চলবাসী ৰাইজে দাবী জনাইছে।
 

Your Comments