বিশ্বনাথত সাংসদ তথা এআইইউডিএফৰ সভাপতি আজমলক সাধাৰু নৈত বিসৰ্জন

ো

বিশ্বনাথ চাৰিআলিৰ পৰা ভাস্কৰ দাস
আজমল ছাহাবে সেই তলা চাবি ব্যৱহাৰ কৰক নিজৰ মুখ্য কাৰ্যালয়ত। কাৰণ সাধাৰণ জ্ঞান নথকা, শিষ্টাচাৰ বিহীন লোক এজনে তলা চাবিৰ দল নেতৃত্ব দিব পৰা ক্ষমতা অথবা গুণ নাই। তেওঁৰ নেতৃত্বত অসমৰ ৰাইজে কেতিয়াওঁ তলা-চাবিৰ দলক মানি নলয়। যাৰ বাবে হতাশাত ভুগী তলা চাবীৰ মূৰব্বীগৰাকীয়ে নিজৰ হিতাহিত জ্ঞান হেৰুৱাই গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ আক্ৰমনৰ লক্ষ কৰি লয় । 

সেইহে সাংসদ তথা এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমলৰ সাংবাদিকৰ প্ৰতি কৰা অভদ্ৰ আচৰণৰ প্ৰতিবাদত বিশ্বনাথৰসমূহ সাংবাদিক তথা জাতীয় দল সংগঠনে আজমলৰ বিৰুদ্ধ প্ৰতিবাদ সাব্যস্ত কৰে। বিশ্বনাথৰ সাংবাদিক আৰু জাতীয় দল সংগঠনে সাধাৰু নৈত আজমলৰ প্ৰতিকৃতি বিসৰ্জন কৰি আজমলৰ বিৰুদ্ধে প্ৰতিবাদ জনায়।

প্ৰতিবাদকাৰীসকলৰ দাবী যে অতি শীঘ্ৰে  আজমলক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি উপযুক্ত শাস্তি প্ৰদান কৰিব লাগে আজমলক। লগতে বিশ্বনাথৰ সমূহ সাংবাদিকে এআইইউডিএফ দলৰ কোনো ধৰণৰ বাতৰি প্ৰচাৰৰ পৰা বিৰত থকাৰ সিদ্ধান্ত গ্ৰহণ কৰে। 

Your Comments