বৰপেটাৰোডৰ পৰা ৰনজিৎ তালুকদাৰ
অসম সাহিত্য সভাৰ বৰপেটা জিলা সমিতিৰ উদ্যোগত আৰু কয়াকুছি শাখা সাহিত্য সভাৰ সহযোগত ঢাৰি নগৰী তথা বিদ্যানগৰী কয়াকুছিস্থিত লোৱাৰ আসাম একাডেমি প্ৰাঙ্গণত অসম সাহিত্য সভাৰ ১০২ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনৰ কৰা হয় । তদুপলক্ষে আজি পুৱা ৮.৩০ বজাত এশ এখন পতাকা উত্তোলন কাৰ্যসূচী অনুষ্ঠিত হয় । মূল পতাকা উত্তোলন কাৰ্যসূচীত অংশগ্ৰহণ কৰে বৰপেটা জিলা সাহিত্য সভাৰ উপ-সভাপতি লাচিত কলিতাই।
বৰপেটা জিলা সাহিত্য সভাৰ সম্পাদক কিশোৰ কুমাৰ দাস, প্ৰাক্তন জিলা সভাপতি ক্ৰমে গোবিন্দ তালুকদাৰ, ৰামকৃষ্ণ তালুকদাৰ, অসম সাহিত্য সভাৰ ছ’চিয়েল মিডিয়াৰ এডমিন জয়ন্ত কুমাৰ দাস, কয়াকুছি শাখাৰ সভাপতি ডাঃ আব্দুল কদ্দুছ শিকদাৰ আৰু সম্পাদক নুৰ হোছেইন, আজীৱন সদস্য ক্ৰমে- আলহাজ জানেশ আলী আহমেদ, ছোহৰাব আলী আহমেদ, আমিৰ হুছেইন, আব্দুল জলিল, আবুল হুছেইন, হামিদা বেগম, মমতাজ জাহান তালুকদাৰ, মমতাজ বেগম, ৰুনিয়া খানম, আমছুৰ বৰপেটা জিলাৰ উপ-সভাপতি মো: তোতা মিঞা, বিষয় শিক্ষক বিলায়েত হুছেইন, সমাজ কৰ্মী আমিৰ হামজা, ভেঞ্চাৰ শিক্ষক সন্থাৰ সভাপতি আমিৰ হুছেইন, সম্পাদক আছগৰ আলী আহমেদ, সাংবাদিক আব্দুল জলিল, সমন্বয় সাহিত্য গোষ্ঠীৰ মুখ্য সম্পাদক ছাহেদ আলী আহমেদকে আদি কৰি এশগৰাকী ব্যক্তিয়ে পতাকা উত্তোলন কাৰ্যসূচীত অংশগ্ৰহণ কৰে ।
পতাকা উত্তোলনৰ পিছত জিলাৰ উপ-সভাপতি লাচিত কলিতাৰ পৌৰহিত্যত অসমীয়া ভাষা ব্যৱহাৰত প্ৰাধান্যতা প্ৰদানৰ ওপৰত এখনি আলোচনা-সত্ৰ অনুষ্ঠিত হয় । আলোচনা-সত্ৰৰ উদ্দেশ্য ব্যাখ্যা কৰে শাখাৰ সম্পাদক নুৰ হুছেইনে আৰু আদৰণী ভাষণ দিয়ে শাখাৰ সভাপতি ডাঃ আব্দুল কদ্দুছ শিকদাৰে ।
সাহিত্য সভাৰ সমল ব্যক্তি গোবিন্দ তালুকদাৰ, ৰামকৃষ্ণ তালুকদাৰ আৰু ছোহৰাব আলী আহমেদ, কিশোৰ কুমাৰ দাস, আবুল হুছেইন, জানেশ আলী আহমেদকে আদি কৰি কে'বাগৰাকী ব্যক্তিয়ে অসমৰ বিভিন্ন কাৰ্যালয়, নামফলক আৰু বিদ্যালয়সমূহত অসমীয়া ভাষাৰ ব্যৱহাৰৰ ওপৰত প্ৰাধান্য দিবলৈ আলোচনা আগবঢ়ায় ।
- Log in to post comments
- 8 views