শিৱসাগৰৰ পৰা ৰূপজ্যোতি চাংমাই
অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ জন্মলগ্নৰ দাবী আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তন আৰু দ্বি-নাগৰিকত্ব প্ৰদানৰ দাবীত আজি সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত জিলা সমিতিসমূহে আজি সমগ্ৰ ৰাজ্যখনত ‘১০ ঘণ্টীয়া অনশন’ কাৰ্যসূচী ৰূপায়ণ কৰিছে ।
আজি পুৱা ৬ বজাৰ পৰা অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি দিব্যজ্যোতি দাস আৰু সাধাৰণ সম্পাদক দাদু নেওগৰ নেতৃত্বত পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ নেতা-কৰ্মীসকলে শিৱসাগৰ জিলা উপাযুক্তৰ কাৰ্যালয়ৰ সন্মুখত অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছে । কেন্দ্ৰ আৰু ৰাজ্যৰ বিগত সময়ৰ লগতে বৰ্তমানৰ কোনো এখন চৰকাৰে পৰিষদৰ দীৰ্ঘদিনীয়া দাবীটোৰ প্ৰতি কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাত ক্ষোভ প্ৰকাশ কৰে শিৱসাগৰ জিলা সমিতিৰ নেতৃত্বই ।
- Log in to post comments
- 15 views