মিচিং স্বায়ত্ত শাসিত পৰিষদৰ উদ্যোগত কৃতী শিক্ষাৰ্থীৰ মাজত চেক বিতৰণ

w

মিচিং স্বায়ত্ত শাসিত পৰিষদৰ উদ্যোগত হাইস্কুল শিক্ষান্ত পৰীক্ষা, উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষ আৰু উচ্চ শিক্ষাত সফলতাৰে উৰ্ত্তীৰ্ণ কৃৰ্তী শিক্ষাৰ্থীসকলৰ মাজত আজি চেক বিতৰণ কৰা হয় । পৰিষদৰ ২০১৭-১৮ বিত্তীয় বৰ্ষৰ অধীনত ৰূপায়ণ হোৱা এই আঁচনিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৮৮ গৰাকী, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৪৯ গৰাকী আৰু উচ্চ শিক্ষাত ৫ গৰাকী মুঠ ১৪২ গৰাকী কৃৰ্তী শিক্ষাৰ্থীৰ মাজত আনুষ্ঠানিকভাৱে এই চেক বিতৰণ কৰা হয় ।

৩০নং চাংগা মাজুলীৰ অন্তৰ্গত কুমাৰবাৰী ৰংগমঞ্চত অনুষ্ঠিত চেক বিতৰণ অনুষ্ঠানত মিচিং স্বায়ত্ত শাসিত পৰিষদৰ সমবায় আৰু পৰিবহণ বিভাগৰ কাৰ্যবাহী সদস্য নীলকান্ত দলেই উদ্বোধন কৰি কয় পৰিষদৰ বিভিন্ন উন্নয়নমূলক ভিতৰত কৃৰ্তী শিক্ষাৰ্থীলৈ আগবঢ়োৱা জলপানি কাৰ্যসূচীৱে দুখীয়া পৰিয়ালৰলোকৰ শিক্ষাৰ্থীক কিছু পৰিমাণে সকাহ দিব ।

s

এম এম কে মাজুলী জিলা সমিতিৰ উপ-সভাপতি ৰাজীৱ পেগুৱে আঁত ধৰা অনুষ্ঠানত এম এম কে কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক প্ৰেমধৰ দলে, জেংৰাই গাওঁ হাইস্কুলৰ প্ৰধান শিক্ষক দত্তৰাম পেগু, কুমাৰবাৰী এম ই স্কুলৰ প্ৰধান শিক্ষক জগনাথ দলে বিজেপি উজনি মাজুলী মণ্ডলৰ সভাপতি দীন পেগু, চেৰপাই গাওঁ পঞ্চায়তৰ সভাপতি বিজয় পেগু আদিয়ে উপস্থিত থাকি কৃৰ্তী শিক্ষাৰ্থীসকলৰ উদ্দেশ্যি শিক্ষা সম্পৰ্কীয় বক্তব্য আগবঢ়ায় ।

অনুষ্ঠানত টি এম পি কে কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সভাপতি চাপ্পল দলে, টি এম এম কে কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদিকা ইলাজ্যোতি কুম্বাং, জেংৰাই গাওঁ পঞ্চায়তৰ সভানেত্ৰী ৰিংকু পেগু দলে, নাৰী শক্তি উজনি মাজুলী ব্লক কমিটিৰ সম্পাদিকা ৰেখা দলে উপস্থিত থাকে।

Your Comments