ৰহাত অৱসৰী শিক্ষকৰ বেংক একাউণ্টৰ পৰা লুটিলে ৪.২০ লাখ টকা

bank

ৰহাত অৱসৰী শিক্ষকৰ বেংক একাউণ্টৰ পৰা লুটিলে ৪.২০ লাখ টকা
ৰহাৰ পৰা কুঞ্জ কাকতি
নিজৰ অজ্ঞানতা আৰু অসচেনতাৰ বাবেই ৰহাৰ লাউফুলাবড়ীৰ এজন লোক প্ৰৱঞ্চকৰ হাতত পৰি সৰ্বস্ৰান্ত হ'বলগীয়া হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । ৰহাৰ লাউফুলাবড়ীৰ দধিৰাম কোঁৱৰ নামৰ এই ব্যক্তিগৰাকীৰ বেংক একাউণ্টৰ পৰা প্ৰৱঞ্চকে লুটিলে চাৰি লাখ বিছ হাজাৰ টকা ।

জানিব পৰামতে, অৱসৰপ্ৰাপ্ত শিক্ষক দধিৰাম কোঁৱৰে যোৱা ১২ ডিচেম্বৰত ৰহাৰ ষ্টেট বেংকৰ এটা এটিএমৰ পৰা টকা তুলিবলৈ আহিছিল । কিন্তু কেইবাৰো চেষ্টা কৰাৰ পিচতো এটিএমটোৰ পৰা টকা নোলোৱাত ওচৰতে শাৰী পাতি থকা এজন অচিনাকি যুৱকে নিজে চেষ্টা কৰি চোৱাৰ কথা কৈ দধিৰাম কোঁৱৰৰ পৰা এটিএম কাৰ্ডখন লয় আৰু টকা তুলি দিয়ে যদিও দধিৰাম কোঁৱৰৰ কাৰ্ডখন গোপনে হস্তগত কৰি যুৱকজনে অন্য এখন কাৰ্ড দধিৰাম কোঁৱক দিয়ে ।

দধিৰাম কোঁৱৰেও সেইখন নিজৰ কাৰ্ড বুলি ভাবি ঘৰলৈ ঘূৰি যায় । কিন্তু ৯ দিনৰ পিচত যেতিয়া দধিৰাম কোঁৱৰে নিজৰ একাউণ্ট আপডেট কৰিবলৈ আহে তেতিয়াহে সমস্ত ঘটনা পোহৰলৈ আহে আৰু লগত থকা কাৰ্ডখন যে নিজৰখন নহয় সেই কথা জানিব পাৰে ।

ইতিমধ্যে প্ৰৱঞ্চকে দধিৰাম কোঁৱৰৰ একাউণ্টৰ পৰা চাৰি লাখ বিছ হাজাৰ টকা তুলি নিয়ে । দধিৰাম কোঁৱৰ ইমানেই অজ্ঞ যে মোবাইলত অহা মেছেজ পঢ়ি চোৱাও নাছিল । ফলত নিজৰ কষ্টোপাৰ্জিত বৃহৎ ধন হেৰুৱাবলগীয়া হ'ল এনেদৰে ।

 এই সম্পৰ্কত দধিৰাম কোঁৱৰে ৰহা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও গোটেই জীৱন শিক্ষকতা কৰি অৱসৰৰ পিচত পোৱা ধন ঘূৰাই পাবনে নাপায় সেয়া আৰক্ষীৰ তদন্তৰ পিচতহে জানিব পৰা যাব ।

https://www.facebook.com/newsasn6/videos/550022848797090/

Your Comments