বঙাইগাঁও জিলা পথ সুৰক্ষা সমিতিৰ এখন সভা আজি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয় ৷ জিলাৰ অতিৰিক্ত উপায়ুক্ত অনুপম ডেকাৰ সভাপতিত্বত অনুষ্ঠিত সভাত উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতি মেঘনিধি দাহাল, জিলা পৰিবহণ বিষয়া ভাস্কৰজ্যোতি দত্ত, বঙাইগাঁও পৌৰসভাৰ সভাপতি দীপু চৌধুৰী, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ প্ৰকল্প সঞ্চালক ডি জে বৰা, মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ভূপেন বৈশ্য,
আঞ্চলিক পৰিবহণ প্ৰাধিকৰণৰ সদস্য সম্ৰাট ভাওৱাল, বঙাইগাঁওস্থিত গড়কাপ্তানী বিভাগৰ ৰাজ্যিক পথ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা নগেন কলিতা, গড়কাপ্তানী গ্ৰাম্য পথ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা শ্বাহ আলম, বঙাইগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ছাদুল্লা খান, বহলপুৰ ৰেঞ্জৰ আঞ্চলিক বন বিষয়া নাৰায়ণ ঠাকুৰীয়া, আবকাৰী বিভাগৰ উপ-অধীক্ষক চাৰ্চিল ব্ৰহ্ম, উপ-আৰক্ষী অধীক্ষক মাখন বৰা,
ৰাষ্ট্ৰীয় ঘাইপথ বিভাগৰ কনিষ্ঠ অভিযন্তা চৈয়দ আফ্ৰুজ আহমেদ, অধিবক্তা হৰেশ্বৰ দাসকে আদি কৰি জিলা পথ সুৰক্ষা সমিতিৰ সদস্যসকলে বঙাইগাঁও জিলাত হৈ থকা দুৰ্ঘটনা আৰু তাৰ কাৰণসমূহ পৰ্যালোচনা কৰে ৷
তীব্ৰ গতিবেগ, সুৰাপান কৰি বাহন চলোৱা, পথ নিৰ্মাণৰ কাৰিকৰী দিশত বিজুতি, হেলমেট পৰিধান নকৰা, ছীট বেল্ট নমৰা, প্ৰয়োজন হোৱা ঠাইত ছাইনেজ বা স্পীড ব্ৰেকাৰ নথকা, য'তে-ত'তে গাড়ী ৰখোৱা আদি কাৰণসমূহ বিশ্লেষণ কৰি সমিতিৰ সদস্যসকলে যুটীয়াভাৱে ঠাই পৰ্যবেক্ষণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷
আনহাতে, অধিবক্তা হৰেশ্বৰ দাসে কয় যে বঙাইগাঁও জিলাত বিশেষকৈ বঙাইগাঁও চহৰত ৰাস্তাৰ মাটি কোনো সাধাৰণ লোকে দখল কৰিছেনেকি তাকো চোৱা দৰকাৰ ৷ এই ক্ষেত্ৰত গাঁও পঞ্চায়ত আৰু পৌৰসভাৰ বিষয়ববীয়াই গৃহ নিৰ্মাণৰ অনুমতি-পত্ৰ দিওঁতে এই দিশটো লক্ষ্য কৰা উচিত বুলিও তেওঁ কয় ৷
সভাত জিলা পৰিবহণ বিষয়া ভাস্কৰজ্যোতি দত্তই জনায় যে জিলাসমূহত স্থানীয় সাংসদক সভাপতি হিচাপে লৈ নতুনকৈ এখন জিলা পথ সুৰক্ষা সমিতি গঠন কৰা হ'ব ৷
সভাত বঙাইগাঁও আৰক্ষীৰ যান-বাহন শাখাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই উল্লেখ কৰে যে চহৰখনৰ ছহিদ বেদীৰ পৰা চাপাগুৰিলৈকে থকা প্ৰধান পথটোত যথেষ্টসংখ্যক উপ-পথ আছে আৰু এই পথবোৰৰ সংযোগ স্থানত গতিৰোধক নিৰ্মাণ কৰাটো বিশেষ প্ৰয়োজন ৷ ইপিনে সভাপতিৰ আসনৰ পৰা অনুপম ডেকাই কয় যে ইতিমধ্যে যুটীয়াভাৱে স্থান পৰিদৰ্শন কৰা বহু পলম হ'ল ৷
সেয়ে বৰ্তমান পথ পৰিবহণ, অভিযন্তা, দণ্ডাধীশ তথা আৰক্ষী মিলি আকৌ দুৰ্ঘটনা সংঘটিত হোৱা স্থান পৰিদৰ্শন কৰাৰ প্ৰয়োজন হৈ পৰিছে ৷
- Log in to post comments
- 5 views