২০১৮ বৰ্ষই বিদায় ল’বলৈ মাজত মাথো কেইটামান দিন বাকী৷ ভিন্ন প্ৰান্তত ইতিমধ্যে আগন্তোক নৱবৰ্ষকলৈ ব্যাপক উৎসাহ-উদ্দীপনা পৰিলক্ষিত হৈছে৷ দেহপুৰি নিয়া তীব্ৰ উষ্ণতাই পৰিবেশ অসহনীয় কৰি তুলাৰ পাচত ধৰালৈ আগমন ঘটে শীতৰ৷ লগতে আগমন হয় ইংৰাজী নৱবৰ্ষৰ আৰু সকলোৱে পণ লয় নৱবৰ্ষত নতুন উদ্যমৰে আগবঢ়াৰ ৷ সকলোৱে এদিনৰ বাবে হ’লেও প্ৰাত্যাহিক জীৱনৰ ব্যস্ততাৰ পৰা আতৰি প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত নিজ নিজ পৰিয়াল, বন্ধু-বান্ধৱৰ সৈতে বনভোজ এসাঁজ তৃপ্তিৰে খোৱাৰ পৰম্পৰা বহু বছৰৰ পৰা চলি আহিছে৷
২০১৮বৰ্ষ বিদায় ল’বলৈ কেইটামান দিন আছে যদিও ইতিমধ্যে ভিন্ন প্ৰান্তৰ বনভোজস্থলীসমূহত বনভোজকাৰীৰ ভিৰ পৰিলক্ষিত হৈছে৷ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ভিন্ন প্ৰান্তৰ লগতে নৱবৰ্ষৰ আগমনৰ লগে লগে প্ৰাণ পাই উঠিছে ৰহা ৰাজহ-চক্ৰৰ অন্তৰ্গত প্ৰকৃতিৰ ৰম্যভূমিখ্যাত বনভোজস্থলী আমচৈৰ শিৱকুণ্ডৰ লগতে মা বসুন্ধৰী থান অৱস্থিত বসুন্ধৰী পাহাৰে৷ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ আমচৈ গেটৰ পৰা প্ৰায় ১০কি’লমিটাৰ ভিতৰলৈ গ’লেই পোৱা যায় প্ৰকৃতিৰ ৰম্যভূমিখ্যাত নগাঁও-কাৰ্বি আংলং সীমান্তত অৱস্থিত শিৱকুণ্ড৷
বনাঞ্চলৰ অপূৰ্ব প্ৰাকৃতিক সৌন্দৰ্যৰ লগতে চাহ বাগানৰ শাৰী শাৰী চাহগছ, পাহাৰী নিজৰাৰ জলধাৰাৰ কুলু কুলু ধ্বনি, শাৰী শাৰী শাল, চেগুণৰ লগতে কাষতে থকা সেউজীয়া পাহাৰৰ মনোমোহা সৌন্দৰ্যৰে পৰিবেষ্টিত শিৱকুণ্ডলৈ সাধাৰণতে শীতৰ আগমনৰ লগে লগেই অগনন প্ৰকৃতিপ্ৰেমী আৰু বনভোজপ্ৰেমীৰ আগমন ঘটে ৷এই শিৱকুণ্ডক এখন পবিত্ৰ তীৰ্থভূমি হিচাপেও গণ্য কৰা হয় ৷ এইবাৰো ইতিমধ্যে শিৱকুণ্ডত নিতৌ বনভোজপ্ৰেমীৰ ভিৰ পৰিলক্ষিত হৈছে৷ নৱবৰ্ষৰ পহিলা দিনটোৰ পুৱাতে আশীষ লোৱাৰ লগতে এসাঁজ খোৱাৰ মানসেৰে শিৱকুণ্ডত অগনন বনভোজপ্ৰেমীৰ আগমন হয়৷
শিৱকুণ্ড থান পৰিচালনা সমিতিয়ে শিৱকুণ্ডলৈ অহা বনভোজপ্ৰেমীসকলৰ যাতে কোনো অসুবিধা নহয় তাৰবাবে বিশেষ দৃষ্টি ৰাখি আহিছে ৷আমচৈৰ স্থানীয় বাসিন্দাসকলেও এইক্ষেত্ৰত বিশেষ সহায়-সহযোগিতা কৰা পৰিলক্ষিত হয়৷ আমচৈৰ লগতে বনভোজপ্ৰেমীৰ আকৰ্ষণৰ আন এক স্থান হৈছে ঐতিহ্যমণ্ডিত মা বসুন্ধৰী থান অৱস্থিত বসুন্ধৰী পাহাৰ ৷ ৰহা ৰাজহ চক্ৰৰ অন্তৰ্গত চাপৰমূখৰ পৰা প্ৰায় ৭ কিল’মিটাৰ নিলগৰ গছপৰাৰ বসুন্ধৰী পাহাৰৰ চাৰিওদিশে শীলেৰে পৰিবেষ্টিত আৰু অপূৰ্ব প্ৰাকৃতিক সৌন্দৰ্যক অধিক মাত্ৰা প্ৰদাণ কৰিছে কাষেৰে বৈ যোৱা বৰপানী নদীখনে ৷
১৭শ শতিকাতে জনজাতীয় লোকসকলে আৱিস্কাৰ কৰা বসুন্ধৰী পাহাৰৰ পাদদেশত অৱস্থিত মা বসুন্ধৰী থান দৰ্শন কৰিলে ভক্তৰ মনোকামনা পূৰ্ণ হয় বুলি জনবিশ্বাস থকাৰ বাবেই অসমৰ ভিতৰতে প্ৰাচীনতম ধৰ্মীয় ঐতিহ্যৰে গৌৰান্বিত বসুন্ধৰী থানলৈ বছৰৰ সকলো সময়তে বহু দৰ্শনাৰ্থীৰ সমাগম ঘটে ৷ ৰজাদিনীয়া ইতিহাসো জড়িত থকা এই থানখনৰ লগতে অপূৰ্ব প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ এই বসুন্ধৰী অঞ্চলটো এক আকৰ্ষণীয় বনভোজস্থলী হিচাপে পৰিগনিত হৈছে ।
আমচৈৰ পৰা প্ৰায় ১২ কিলোমিটাৰ দক্ষিনে অৱস্থিত এই ঐতিহাসিক ক্ষেত্ৰখনৰ প্ৰতি বনভোজপ্ৰেমী তথা প্ৰকৃতিপ্ৰেমীৰ আকৰ্ষণ দিনে দিনে বাঢ়ি অহা দেখা গৈছে । শিৱকুণ্ডৰ দৰে এই বসুন্ধৰিলৈও নৱবৰ্ষক আদৰাৰ প্ৰাকমুহূৰ্তত বনভূজপ্ৰেমীৰ আগমন ঘটিছে । মুঠতে যান্ত্ৰিকতাৰ পৰা আতৰি লগে ভাগে এসাজ খোৱাৰ উপযুক্ত ঠাই হিছাপে প্ৰকৃতিৰ ৰম্যভূমি আমচৈৰ শিৱকুণ্ড আৰু মা বসুন্ধৰী থাণ সমৃদ্ধ বসুন্ধৰী পাহাৰ চিহ্নিত হৈছে ।
- Log in to post comments
- 130 views