যিকোনো সময়তে ভূমিকম্পৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ পৰিস্থিতিৰে যথোচিতভাৱে মোকাবিলা কৰাৰ বাবে চৰকাৰী বিভাগ-সংস্থাসমূহৰ লগতে অসামৰিক প্ৰতিৰক্ষাৰে জৰিত স্বেচ্ছাসেৱী গোটসমূহকো নিয়মীয়া অনুশীলনেৰে সষ্টম হৈ থকাৰ সুযোগ দিবলৈ কাইলৈ মাজুলীত এক দুৰ্যোগ ব্যৱস্থাপনাৰ অনুশীলন ('ম'ক ড্ৰিল')ৰ আয়োজন কৰিছে জিলা দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণ (ডিডিএমএ)-এ। ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণ (এনডিএমএ)ৰ পৰ্যবেক্ষকৰ নিৰীক্ষণত এই জিলাস্তৰীয় দুৰ্যোগ প্ৰশমনৰ উদ্ধাৰ আৰু সাহাৰ্য অভিযানৰ আখৰা বৃহস্পতিবাৰে আগবেলা ১০ বজাৰ পৰা কমলাবাৰী আৰু গড়মূৰৰ পাঁচটা স্থানত একেসময়তে সম্পন্ন কৰা হ'ব ।
প্ৰায় ৮ ৰিখটাৰ স্কেল প্ৰাবল্যৰ এক কাল্পনিক ভূমিকম্পৰ প্ৰেক্ষাপটক কেন্দ্ৰ কৰি ডিডিএমএৰ পৰিচালনাত কমলাবাৰীৰ বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়, কমলাবাৰী দৈনিক বজাৰ, মাজুলী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়, কমলাবাৰী মিলন সংঘৰ লগতে গড়মূৰ অসামৰিক চিকিৎসালয়ত এই আপাতকালীন উদ্ধাৰ আৰু সাহাৰ্য অভিযানৰ আখৰা কৰা হ'ব। এই অভিযানত ৰাজ্যিক দুৰ্যোগ প্ৰশমন বাহিনী (এছডিআৰএফ), অসামৰিক প্ৰতিৰক্ষা বাহিনী, এনচিচি, জিলা আৰক্ষী বাহিনী, অসম আৰক্ষী অনাতাঁৰ সংস্থা, অগ্নি নিৰ্বাপন বাহিনী আৰু আপাতকালীন সেৱা, চিআৰপিএফৰ উপৰি স্বাস্থ্য বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগ, বন বিভাগ আৰু ৰাজহ বিভাগৰ দায়িত্বশীল বিষয়া-কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰিব।
মাজুলীত কাইলৈৰ এই আখৰা নিৰীক্ষণৰ বাবে এনডিএমএৰ পৰ্যবেক্ষক তথা এনডিআৰএফৰ বিষয়া অখিলেষ কুমাৰ আজি আগবেলাৰ ভাগতে মাজুলীত আহি উপস্থিত হয়।
ইফালে কাইলৈৰ এই ম'ক ড্ৰিল সফলতাৰে সম্পন্ন কৰাৰ বাবে ডিডিএমএই চলোৱা প্ৰস্তুতিৰ আজি দুপৰীয়া পৰ্যালোচনা কৰে মাজুলীৰ উপায়ুক্ত তথা ডিডিএমএৰ অধ্যক্ষ দেৱপ্ৰসাদ মিশ্ৰই। উপায়ুক্তৰ কাৰ্যালয় কক্ষত হোৱা এই পৰ্যালোচনা বৈঠকত অতিৰিক্ত উপায়ুক্ত তথা ডিডিএমএৰ মুখ্য কাৰ্যবাহী বিষয়া চিন্ময় নাথ, ৰাজহ চক্ৰ বিষয়া অজিত কুমাৰ শৰ্মা, উপ আৰক্ষী অধীক্ষক দ্বীপজ্যোতি তালুকদাৰ, এনডিএমএৰ পৰ্যবেক্ষক অখিলেষ কুমাৰ, ডিএফঅ' সুশীল কুমাৰ ঠাকুৰীয়া, জিলা তথ্য আৰু জনসংযোগ বিষয়া ৰাজেন্দ্ৰ বৰুৱা, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰবীৰ কুমাৰ সন্দিকৈ, গড়কাপ্তানী বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা দীপক কুমাৰ দাসৰ উপৰি স্বাস্থ্য বিভাগৰ বিষয়া, এছডিআৰএফৰ তত্বাৱধায়ক, চিআৰপিএফৰ এছিছটেণ্ট ক'মাণ্ডিং অফিচাৰ, কমলাবাৰী আৰু গড়মচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াদ্বয়, এপিআৰঅ'ৰ ভাৰপ্ৰাপ্ত বিষয়া, অসামৰিক প্ৰতিৰক্ষা বাহিনীৰ জিলা ৱাৰ্ডেন, এনচিচিৰ টীম লিডাৰ আৰু ডিডিএমএৰ আন বিষয়া-কাৰ্যবাহীসকল উপস্থিত থাকে।
- Log in to post comments
- 8 views