মাজুলীত লাইশাক- ভাতত বিষক্ৰিয়া হৈ অসুস্থ ছয়গৰাকী 

s

মাজুলী জেংৰাইমুখ আৰক্ষী থানাৰ অন্তৰ্গত নতুন বেচামৰা গাঁৱৰ নিবাসী কুমুদ পেগুৰ পৰিয়ালৰ চাৰিগৰাকী সদস্যৰ সৈতে মুঠ ছয়গৰাকী লোক লাইশাকৰ লগত ভাত খাই বিষক্ৰিয়া হোৱা ঘটনাই মাজুলীত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । জানিব পৰামতে লখিমপুৰৰ পানীগাঁও আৰক্ষী থানাৰ অন্তৰ্গত লোহিত খাবলু গাঁও পঞ্চায়তৰ মইটাবালি গাঁৱৰ পৰা অহা পৈল দলে নামৰ মহিলাগৰাকীয়ে তেওঁৰ আত্মীয়ৰ ঘৰ নতুন বেছামৰাৰ নিবাসী কুমুদ পেগুৰ ঘৰলৈ কালি লাইশাক আনিছিল ।

ধান দাৱৰ কাৰণে বেছামৰাত বাহৰ পাতি থকা পৈল দলেই পাচলি হিচাপে মইটাবালিৰ পৰা লৈ শাকটোৰে ভাতৰ জোগাৰ কৰি কুমুদে আজি বেছামৰা গৰৈমাৰী (গঢ়শালী) পথাৰলৈ আনে । কুমুদৰ পৰিয়ালৰ আন সদস্যৰ সৈতে পৈল দলেই ধান দাই আছিল বেছামৰা গৰৈমাৰী (গঢ়শালী) পথাৰত । তেওঁলোকৰ দুপৰীয়া ভাত দিনৰ প্ৰায় দুই বজাত পথাৰলৈ লৈ গৈছিল কুমুদে ।

দাৱনিসকলে এই ভাত খোৱাৰ আধা ঘন্টাৰ পিছতে বিষক্ৰিয়া হৈ কুমুদ পেগুৰ পত্নী নিৰু পেগু (৩৮), কন্যা মনি পেগু (১৯), নমিতা পেগু (১৪), লখিমপুৰ মইটাবালিৰ পৈল দলে (৩৭) আৰু মইনা পেগু (৭) বিষক্ৰিয়া হৈ গুৰুতৰভাৱে অসুস্থ হয় ।

ইয়াৰ পিছত কুমুদ পেগু তথা স্হায়ীয় গাঁৱৰ ৰাইৰ তৎপৰতাত এম্বুলেন্স নাপাই ব্যক্তিগত গাড়ীৰ ব্যৱস্থা কৰি গড়মূৰ পীতাম্বৰদেৱ অসামৰিক চিকিৎসালয় লৈ যোৱা হয় । এই চিকিৎসালয়ৰ পৰা উন্নত চিকিৎসাৰ বাবে লখিমপুৰ লৈ প্ৰেৰণ কৰা হৈছে বুলি চিকিৎসালয়ৰ সুত্ৰেই জানিব পৰা    গৈছে ।

Your Comments