চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে ক্ষোভ কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ

a

সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন অসম চৰকাৰে সাধাৰণ শ্ৰেণীৰ লোকক সততে বঞ্চনা কৰি আহিছে। এই অভিযোগ কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ । ৰঙিয়াৰ ঐতিহ্য মণ্ডিত হৰদত্ত-বীৰদত্ত ভৱনৰ সন্মুখত আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰি সংগঠনটোৱে অসম চৰকাৰ মূৰ্দাবাদ,সৰ্বানন্দ সোণোৱাল হায় হায়,সাধাৰণ শ্ৰেণীৰ ওপৰত কৰা বঞ্চনা তথা অত্যাচাৰ বন্ধ কৰক আদি শ্লোগান দি পৰিবেশ উত্তাল কৰি তোলে।

কলিতা জনগোষ্ঠীয় ছাত্র সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ভাস্কৰ কলিতাই এই কাৰ্যসূচীৰ নেতৃত্ব দি কয় যে যোৱাকালি অসম চৰকাৰে কেবিনেটত যি সিদ্ধান্ত লৈছে সেয়া সাধাৰণ শ্ৰেণীৰ লোকৰ ওপৰত কৰা অত্যাচাৰ আৰু নিৰ্যাতনৰ বাহিৰে আন একো নহয়। সাধাৰণ শ্ৰেণীক বাদ দি অন্য শ্ৰেণী সমূহৰ যুৱক-যুৱতীক চৰকাৰী চাকৰিত আবেদনৰ বয়সৰ উচ্চসীমা বৃদ্ধি ঘোষণা কৰি সাধাৰণ শ্ৰেণীক বঞ্চনা কৰাৰ প্ৰতিবাদত আমি অসমৰ মূখ্যমন্ত্ৰী গৰাকীৰ প্ৰতিমূৰ্তি দাহ কৰিছো।

লগতে ইয়াৰ জৰিয়তে চৰকাৰক কেবিনেটত লোৱা সিদ্ধান্ত অতি শীঘ্ৰে বাতিল কৰিবলৈ দাবী উত্থাপন কৰিছো। বাৰে বাৰে সাধাৰণ শ্ৰেণীক কৰা বঞ্চনা কোনো কাৰণতে সহ্য কৰা নহব বুলিও নেতা জনে চৰকাৰক সকীয়াই দিয়ে।আজিৰ এই প্ৰতিকৃতি দাহ কাৰ্যসূচীত কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় উপ সভাপতি সমৰজ্যোতি ডেকা সহ প্ৰায় শতাধিক কৰ্মীয়ে অংশ গ্ৰহন কৰে।

Your Comments