১২খল জিলা পৰিষদ আসন দখলেৰে নগাঁৱত শীৰ্ষত বিজেপি : কথমপি মান ৰক্ষা প্ৰফুল্ল মহন্তৰ

১২খল জিলা পৰিষদ আসন দখলেৰে নগাঁৱত শীৰ্ষত বিজেপি : কথমপি মান ৰক্ষা প্ৰফুল্ল মহন্তৰ

নগাঁৱৰ পৰা ৱাহিদুদ জামান

কংগ্ৰেছৰ দুৰ্গ তচনচ কৰি নগাঁও জিলাত জিলা পৰিষদত একক বৃহৎ দল হিচাপে পৰিগণিত হৈছে বিজেপি দল । নগাঁও জিলা পৰিষদৰ ২৯খন আসনৰ ভিতৰত বিজেপিয়ে ১২খন আহন দখল কৰিবলৈ সক্ষম হৈছে । অৱশ্যে জিলা পৰিষদখন দখল কৰিব পৰাকৈ কোনো এটা ৰাজনৈতিক দলেই প্ৰয়োজনীয় সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম নহ'ল ।

জিলা পৰিষদখন দখল কৰিবলৈ বিজেপি, কংগ্ৰেছকে ধৰি কোনো এটা দলেই প্ৰয়োজনীয় ১৫খন আসন দখল কৰিব নোৱাৰিলে । নগাঁও জিলা পৰিষদ দখলৰ যুঁজত শাসকীয় বিজেপি আৰু প্ৰধান বিৰোধী দল কংগ্ৰেছৰ মাজত মূল যুঁজ হয় যদিও মেজিক সংখ্যা ১৫ লাভ কৰিবলৈ দুয়োটা দল সক্ষম ন'হল ।

আনহাতে, অসম গণ পৰিষদ আৰু এ আই ইউ ডি এফ দলে নিজৰ অস্তিত্ব ৰক্ষাৰ যুঁজতহে অৱতীৰ্ণ হ'বলগীয়া হয় । যোৱা ১২ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনাৰ ফলাফল আজি সম্পূৰ্ণৰূপে ঘোষণা কৰা হয় । ঘোষিত ফলাফল অনুসৰি, নগাঁও জিলা পৰিষদৰ ১২খন আসনত শাসকীয় বিজেপি দল, ১১টা আসনত বিৰোধী দল কংগ্ৰেছ, তিনিখনকৈ আসনত অসম গণ পৰিষদ আৰু এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থীয়ে বিজয় সাব্যস্ত কৰে ।

বিজেপি দলে বাৰপূজীয়া, চাপৰমুখ, জাগীয়াল, হাতীচোং, কাছমাৰী, পুৰণিগুদাম, চামগুৰি, আমবাগান, পূবথৰীয়া, দ্বাৰশালনা, চতিয়াল বৰভগীয়া আৰু দ্বাৰবাগৰি জিলা পৰিষদ সমষ্টিত, কংগ্ৰেছ দলে কচুৱা, শিঙিমাৰী মাধৱপাৰা, বেছামাৰী, ৰূপহী, গড়াজান, শিঙিয়া, কাছমাৰী, ভকতগাঁও, পাখিমৰীয়া, ভোটাই পাঠৰি, বাজিয়াগাঁও, শিঙিমাৰী জিলা পৰিষদ সমষ্টিত, অসম গণ পৰিষদ দলে জুৰীয়া,

কঠিয়াতলী কামপুৰ,বামুণী জিলা পৰিষদ সমষ্টিত আৰু এ আই ইউ ডি এফ দলে জৰামাৰী আলিটাঙণি, বটদ্ৰৱা আৰু টুকটুকি জিলা পৰিষদ সমষ্টিত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে ।

নগাঁও জিলা পৰিষদৰ সমষ্টিৰ ক্ৰম অনুসৰি বিজয়ী প্ৰাৰ্থীসকল হৈছে- ১ নম্বৰ বাৰপূজীয়া জিলা পৰিষদ সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী যতীন দাস, ২ নম্বৰ কচুৱা জিলা পৰিষদ সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী ছাইফুল ইছলাম ৩ নম্বৰ শিঙিমাৰী মাধৱপাৰা জিলা পৰিষদ সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী মোহন দাস, ৪ নম্বৰ চাপৰমুখ জিলা পৰিষদ সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী প্ৰমোদ লস্কৰ,

৫ নম্বৰ জাগীয়াল জিলা পৰিষদ সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী কবিতা বৰা, ৬ নম্বৰ জৰামাৰী আলিটাঙণি জিলা পৰিষদ সমষ্টিত এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থী জিয়াউৰ ৰহমান, ৭ নম্বৰ বেছামাৰী জিলা পৰিষদ সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী নৱনীতা আহমেদ, ৮ নম্বৰ টুকটুকী জিলা পৰিষদ সমষ্টিত এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থী গোলাম ৰাব্বানী,

৯ নম্বৰ বটদ্ৰৱা জিলা পৰিষদ সমষ্টিত এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থী আছমিনা খাতুন, ১০ নম্বৰ হাতীচোং জিলা পৰিষদ সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী সীমাৰেখা ভৰালী, ১১ নম্বৰ ৰূপহী জিলা পৰিষদ সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী ৰেজিয়া বেগম, ১২ নম্বৰ গড়াজান জিলা পৰিষদ সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী চেমিম জাভেদ, ১৩ নম্বৰ জুৰীয়া জিলা পৰিষদ সমষ্টিত অগপৰ মুৰছিদা বেগম,

১৪ নম্বৰ শিঙিয়া জিলা পৰিষদ সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী ফজলুল কৰিম, ১৫ নম্বৰ কাছমাৰী জিলা পৰিষদ সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী কাঞ্চন বৰদলৈ, ১৬ নম্বৰ ভকতগাঁও জিলা পৰিষদ সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী ৱাজিউল্লাহ কবিৰ, ১৭ নম্বৰ পাখিমৰীয়া জিলা পৰিষদ সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী দীপিকা শইকীয়া, ১৮ নম্বৰ কঠীয়াতলী কামপুৰ জিলা পৰিষদ সমষ্টিত অগপ দলৰ প্ৰাৰ্থী ঘন বৰদলৈ,

১৯ নম্বৰ বামুণী জিলা পৰিষদ সমষ্টিত অগপ প্ৰাৰ্থী সুকন্যা ভাগৱতী, ২০ নম্বৰ ভোটাইপাঠৰি জিলা পৰিষদ সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী গীতাঞ্জলি হাজৰিকা, ২১ নম্বৰ পুৰণিগুদাম জিলা পৰিষদ সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী জিন্টী বৈৰাগী, ২২ নম্বৰ বাজিয়াগাঁও জিলা পৰিষদ সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী নাছৰিণ ৰিৱাজ, ২৩ নম্বৰ চামগুৰি জিলা পৰিষদ সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী ৰীতা কাকতি বৰা,

২৪ নম্বৰ আমবাগান জিলা পৰিষদ সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী প্ৰেমানন্দ দাস, ২৫ নম্বৰ শিঙিমাৰী জিলা পৰিষদ সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী আহিদা বেগম, ২৬ নম্বৰ পূবথৰীয়া জিলা পৰিষদ সমষ্টিত বিজেপিৰ মুনমণি দাসবৰা, ২৭ দ্বাৰশালনা জিলা পৰিষদ সমষ্টিত বিজেপিৰ চন্দন ঠাকুৰ,

২৮ চতিয়াল বৰভগীয়া জিলা পৰিষদ সমষ্টিত বিজেপিৰ ইৰা বৰা আৰু ২৯ নম্বৰ দ্বাৰবাগৰি জিলা পৰিষদ সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী জিতেনজিৎ গৌড় বিজয়ী হৈছে ।

 এইবাৰৰ পঞ্চায়তৰ নিৰ্বাচনত (জিলা পৰিষদ) নগাঁও জিলাৰ ৰূপহীহাট বিধানসভা সমষ্টি আৰু নগাঁও সদৰ বিধানসভা সমষ্টিত কংগ্ৰেছ দলে তুলনামূলকভাৱে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হয় । ৰূপহীহাটত অগপ দলে জুৰীয়া জিলা পৰিষদ সমষ্টিত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয় যদিও ৰূপহী, গড়াজান আৰু শিঙিয়াত কংগ্ৰেছ দলৰ প্ৰাৰ্থী বিজয়ী হয় ।

আনহাতে, নগাঁও সদৰ সমষ্টিত কংগ্ৰেছে ভকতগাঁও আৰু পাখিমৰীয়া জিলা পৰিষদ সমষ্টি দুটাত বিজয় সাব্যস্ত কৰে । সমষ্টিটোত কাছমাৰী জিলা পৰিষদ সমষ্টিতহে বিজেপিৰ জয় হয় । জিলাখনৰ কংগ্ৰেছ দলৰ অভেদ্য দুৰ্গৰূপে পৰিচিত, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে সুদীৰ্ঘ কাল দখল কৰি থকা চামগুৰি সমষ্টিত কংগ্ৰেছৰ দুৰ্গৰ পতন ঘটে ।

সমষ্টিটোৰ অন্তৰ্গত চামগুৰি আৰু আমবাগান জিলা পৰিষদ সমষ্টি দুটা কংগ্ৰেছৰ পৰা কাঢ়ি নি বিজেপিৰ গেৰুৱা পতাকা উৰিবলৈ সক্ষম হয় বিজেপি দল । কংগ্ৰেছ দলৰ দখলত থাকে কেৱল বাজিয়াগাঁও আৰু শিঙিমাৰী জিলা পৰিষদ সমষ্টি দুটা । চৰম বিপৰ্যয়ৰ সন্মুখীন হ'বলগীয়া হয় বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকা ।

সন্মানীয় সমষ্টিটোৰ বটদ্ৰৱা আৰু টুকটুকী জিলা পৰিষদ সমষ্টি দুটাত এ আই ইউ ডি এফ দলে বিজয় সাব্যস্ত কৰে । কেৱল হাতীচোং জিলা পৰিষদতহে বিজেপিয়ে বিজয় সাব্যস্ত কৰে । ঠিক একেদৰে, ৰহা সমষ্টিতো বিজেপি দলৰ বিধায়ক ডিম্বেশ্বৰ দাস তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হয় । যাৰফলত সমষ্টিটোৰ শিঙিমাৰী মাধৱপাৰা আৰু কচুৱা জিলা পৰিষদ সমষ্টি দুটা কংগ্ৰেছে কাঢ়ি নিবলৈ সক্ষম হয় ।

বিজেপিয়ে ৰহাত চাপৰমুখ আৰু জাগিয়াল জিলা পৰিষদ দখল কৰিবলৈ সক্ষম হয় । অসম গণ পৰিষদ দলৰ দুৰ্গৰূপে পৰিচিত নগাঁও জিলাৰ বঢ়মপুৰ বিধানসভা সমষ্টিত প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ ভোটত তীব্ৰ গৰাখহনীয়া হোৱা পৰিলক্ষিত হয় । সমষ্টিটোৰ কেৱল কঠীয়াতলী-কামপুৰ আৰু বামুণী জিলা পৰিষদ সমষ্টি দুটাত অগপ দলৰ প্ৰাৰ্থী জয়ী হোৱাত মহন্তৰ কোনোমতে ভেটিটো ৰয়গৈ ।

বঢ়মপুৰৰ ভোটাইপাঠৰিত কংগ্ৰেছ আৰু পুৰণিগুদামত বিজেপি দলৰ প্ৰাৰ্থী বিজয়ী হয় ৷ অসম গণ পৰিষদ দলৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই সুদীৰ্ঘ কাল প্ৰতিনিধিত্ব কৰা কলিয়াবৰত অসম গণ পৰিষদ দলে জিলা পৰিষদৰ আসনৰ ক্ষেত্ৰত প্ৰকাণ্ড শূন্য কঢ়িয়াবলগীয়া হৈছে ।

মহন্তৰ ভেটিত তিতালাউ গজাই বিজেপিয়ে দখল কৰে সমষ্টিটোৰ অন্তৰ্গত পূবথৰীয়া, দ্বাৰশালনা, চতিয়াল বৰভগীয়া, দ্বাৰবাগৰি জিলা পৰিষদ সমষ্টি । আনহাতে, সংখ্যালঘু অধ্যুষিত নগাঁও জিলাৰ ধিং বিধানসভা সমষ্টিত নগাঁও জিলা পৰিষদৰ অন্তৰ্গত দুখন জিলা পৰিষদ আসনৰ এখনত বিজয় সাব্যস্ত কৰি দলটোৱে নিজৰ নিশকতীয়া ৰূপটো প্ৰকট কৰি তোলে ।

সমষ্টিটোৰ বেছামাৰী জিলা পৰিষদ সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থীহে জয়ী হয় । আনহাতে, জৰামাৰী আলিটাঙনীত জিলা পৰিষদ সমষ্টিত এ আই ইউ ডি এফ জয়ী হয় ।

Your Comments