বঙাইগাঁও জিলাৰ মাণিকপুৰ মহকুমাৰ অন্তৰ্গত ৩ খন জিলা পৰিষদ সদস্যৰ আসনৰ লগতে ১২ খন গাঁও পঞ্চায়ত সভাপতিৰ আসন আৰু ১২ খন আঞ্চলিক পঞ্চায়তৰ সদস্য আসনৰো ফলাফল আজি ঘোষিত হয় ৷ উল্লেখ্য যে এইবাৰ মাণিকপুৰ মহকুমাৰ পঞ্চায়ত নিৰ্বাচনী প্ৰক্ৰিয়াও বঙাইগাঁও জিলা প্ৰশাসনে বঙাইগাঁৱৰ পৰাই পৰিচালনা কৰে ৷
যাৰবাবে মহকুমাটোৰ ভোট গণনা পৰ্বও বঙাইগাঁৱত অনুষ্ঠিত হয় ৷ ঘোষিত ফলাফল অনুসৰি মহকুমাটোৰ অন্তৰ্গত ৩খন জিলা পৰিষদ সদস্যৰ আসনৰ ভিতৰত বিজেপি দলে এখন আৰু কংগ্ৰেছ দলে দুখন আসন দখল কৰে ৷ সেইদৰে ১২ খন গাঁও পঞ্চায়তৰ সভাপতিৰ আসনৰ ভিতৰত অগপই তিনিখন, কংগ্ৰেছে তিনিখন, বিজেপিয়ে তিনিখন আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে তিনিখন আসন দখল কৰে ৷
আনহাতে ১২ খন আঞ্চলিক পঞ্চায়তৰ সদস্যৰ আসনৰ ভিতৰত অগপই দুখন, বিজেপিয়ে চাৰিখন, কংগ্ৰেছে পাঁচখন আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে এখন আসন দখল কৰিছে ৷ উল্লেখ্য যে ঘোষিত ফলাফল অনুসৰি ৫ নং পাতিলাদহা জিলা পৰিষদ সদস্যৰ আসনত বিজেপি দলৰ প্ৰাৰ্থী সত্য ৰঞ্জন দাসে (প্ৰাপ্ত ভোট ২,৯৩২টা) কংগ্ৰেছ দলৰ প্ৰাৰ্থী অমিতাভ ভৌমিকক ১৭৯টা ভোটৰ ব্যৱধানত পৰাজিত কৰি জয় লাভ কৰে ৷ সেইদৰে ৬নং মাণিকপুৰ জিলা পৰিষদ সদস্যৰ আসনত কংগ্ৰেছ প্ৰাৰ্থী চৰণ ৰাজবংশীয়ে (প্ৰাপ্ত ভোট ৭,১৫৩টা) নিৰ্দলীয় প্ৰাৰ্থী মিজানুৰ ৰহমনক ৮৫৪ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰি বিজয় সাব্যস্ত কৰে ৷
আনহাতে ৭নং দক্ষিণ বিজনী জিলা পৰিষদ সদস্যৰ আসনত কংগ্ৰেছ প্ৰাৰ্থী আব্দুল মতিন আহমেদে (প্ৰাপ্ত ভোট ৭,৯৫৬ টা) অগপ প্ৰাৰ্থী ৰাহুল আমিনক ৮৬২টা ভোটৰ ব্যৱধানত পৰাজিত কৰে ৷ ইপিনে ১২ খন গাঁও পঞ্চায়ত সভাপতিৰ আসনৰ ভিতৰত ১নং ঝাউবাৰী গাঁও পঞ্চায়ত সভাপতিৰ আসনত কংগ্ৰেছৰ হৈমা পাটগিৰি আৰু আঞ্চলিক পঞ্চায়তৰ সদস্যৰ আসনত কংগ্ৰেছৰ আজাদ আলী, ২ নং মাণিকপুৰ গাঁও পঞ্চায়তৰ সভাপতিৰ আসনত অগপৰ ৰাজ কুমাৰ ৰায় আৰু আঞ্চলিক পঞ্চায়তৰ সদস্যৰ আসনত অগপৰ বৰ্ণালী ৰায়, ৩ নং বাঁশবাৰী চালাবিলা গাঁও পঞ্চায়তৰ সভাপতিৰ আসনত নিৰ্দলীয় প্ৰাৰ্থী আৰজু ৰহিমা আহমেদ আৰু আঞ্চলিক পঞ্চায়তৰ সদস্যৰ আসনত কংগ্ৰেছৰ আখেৰী জামান, ৪নং নোৱাপাৰা গাঁও পঞ্চায়তৰ সভাপতিৰ আসনত বিজেপিৰ সৰস্বতী বালা সৰকাৰ আৰু আঞ্চলিক পঞ্চায়তৰ সদস্যৰ আসনত বিজেপিৰ উজ্বলা পাঠক, ৫ নং ডাঙাইগাঁও গাঁও পঞ্চায়তৰ সভাপতিৰ আসনত অগপৰ লালবানু বেগম আৰু আঞ্চলিক পঞ্চায়তৰ সদস্যৰ আসনত কংগ্ৰেছৰ আঞ্জিলা বেগম, ৬ নং ভাণ্ডাৰা গাঁও পঞ্চায়তৰ সভাপতিৰ আসনত অগপৰ জুৰান আলী আহমেদ আৰু আঞ্চলিক পঞ্চায়তৰ সদস্যৰ আসনত অগপৰ ছাইদুল ইছলাম, ৭ নং গৰাইমাৰী গাঁও পঞ্চায়তৰ সভাপতিৰ আসনত কংগ্ৰেছৰ ইছমাইল হুছেইন আৰি আঞ্চলিক পঞ্চায়তৰ সদস্যৰ আসনত কংগ্ৰেছৰ শ্বাহানাজ বেগম, ৮ নং হাপাছাৰা গাঁও পঞ্চায়তৰ সভাপতিৰ আসনত নিৰ্দলীয় প্ৰাৰ্থী হাবিবা খাতুন আৰু আঞ্চলিক পঞ্চায়তৰ সদস্যৰ আসনত নিৰ্দলীয় প্ৰাৰ্থী সাহিদা খাতুন, ৯ নং বাঘমাৰা চৌৰাগুৰী গাঁও পঞ্চায়তৰ সভাপতিৰ আসনত বিজেপিৰ অমৰ সৰকাৰ আৰু আঞ্চলিক পঞ্চায়তৰ সদস্যৰ আসনত বিজেপিৰ গোপাল সৰকাৰ, ১০ নং পাতিলাদহা গাঁও পঞ্চায়তৰ সভাপতিৰ আসনত বিজেপিৰ বিপিন চন্দ্ৰ দাস আৰু আঞ্চলিক পঞ্চায়তৰ সদস্যৰ আসনত বিজেপিৰ মিঠুন দাস, ১১ নং আলুখুন্দা গাঁও পঞ্চায়তৰ সভাপতিৰ আসনত কংগ্ৰেছৰ কবিৰ হুছেইন আৰু আঞ্চলিক পঞ্চায়তৰ সদস্যৰ আসনত কংগ্ৰেছৰ দীপক চন্দ্ৰ দাস আৰু ১২ নং পালেংবাৰী গাঁও পঞ্চায়তৰ সভাপতিৰ আসনত নিৰ্দলীয় প্ৰাৰ্থী ললিতা বৈশ্য আৰু আঞ্চলিক পঞ্চায়তৰ সদস্যৰ আসনত বিজেপিৰ যত্নেশ্বৰ ঠাকুৰীয়া বিজয়ী হৈছে ৷
মহকুমাটোৰ অন্তৰ্গত গাঁও পঞ্চায়তৰ ১২০ খন সদস্যৰ আসনৰ কেবাখনো অগপ, বিজেপি, কংগ্ৰেছ, চিপিআই(এম), এআইইউডিএফ আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে লাভ কৰে ৷
- Log in to post comments
- 20 views