কাৰাবন্দীৰ মেধাবী সন্তানক উপহাৰ প্ৰদান

কাৰাবন্দীৰ মেধাবী সন্তানক উপহাৰ প্ৰদান

সামাজিক- সাংস্কৃতিক সংগঠন ব্যতিক্ৰম মাসডোয়ে আজি প্ৰথম বাৰৰ বাবে কাৰাবন্দী সকলৰ মেধাৱী সন্তান সকলৰ হাতত বিশেষ উপহাৰ তুলি দিয়ে। গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত হোৱা "হাতত হাত ধৰি" নামৰ অনুষ্ঠানটোত  এই সম্বৰ্ধনা জনায়। দুলালকান্তি ভট্টাচাৰ্যৰ জন্মজয়ন্তী উপলক্ষে এই আয়োজন কৰে ব্যতিক্ৰম মাসডো য়ে। অনুষ্ঠানটোৰ আয়োজক ব্যতিক্ৰম মাসডো-ৰ সভাপতি ড০ সৌমেন ভাৰতীয়াই মঞ্চত কয়, 'আমি বিচাৰো সমাজৰ সকলো স্তৰৰ শিশুয়ে আনন্দময় জীৱন কটাওক। কৰাবন্দীসকলৰ মেধাবী সন্তানসকলক এই বাবেই আমি বিশেষ উপহাৰ দিব বিচাৰিছোঁ, যাতে পৃথিৱীৰ সকলো সুন্দৰ উপলব্ধিৰ অভিজ্ঞতা সিহঁতৰো হয়। সাংস্কৃতিক বা সামাজিক সকলো কামতেই আমি প্ৰথমৰ পৰাই জড়িত হৈ আছোঁ । তাৰ ফলস্বৰূপ আজিৰ এই অনুষ্ঠান"।  অনুষ্ঠাটোত উপস্থিত থাকে প্ৰথিতযশা সংগীতশিল্পী মনীষা হাজৰিকা। মনীষা হাজৰিকাই সুধাকণ্ঠ ভূপেন হাজৰিকা আৰু তেখেতৰ স্বামী জয়ন্ত হাজৰিকাৰ কথাও স্মৰণ কৰে।

Your Comments