চিৰাং জিলাৰ বিজনী নগৰ সমিতিত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণত সংঘটিত হৈছে ব্যাপক কেলেংকাৰী । অভিযোগ মতে, বিজনী নগৰ সমিতিৰ অন্তৰ্গত ১, ২, ৩ আৰু ৪ নম্বৰ ৱাৰ্ডৰ ৩০/৩৫জন দৰিদ্ৰ লোকক যোৱা ২০১৭ বৰ্ষৰ নৱেম্বৰ/ডিচেম্বৰ মাহতে প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ গৃহ মঞ্জুৰি-পত্ৰ প্ৰদান কৰিছিল ।
নগৰ সমিতিৰ কনিষ্ঠ অভিযন্তা অমেন বায়নে হিতাধিকাৰীসকলক উক্ত মঞ্জুৰি-পত্ৰ প্ৰদানৰ পিচত ২৪ ডিচেম্বৰত নিজৰ টকাৰে কাম আৰম্ভ কৰিব কয় ।
তাৰ পিচতে এই দৰিদ্ৰ লোকসকলে উক্ত কনিষ্ঠ অভিযন্তাজনৰ নিৰ্দেশ মতেই নিজৰ জুপুৰি ভাঙি পকেটৰ টকা খৰচ কৰি ৰড, চিমেণ্ট, বালি আদি কিনি ৰাজমিস্ত্ৰীক হাজিৰা দি এটা/দুটাকৈ খুঁটা পুতিছিল ।
কিন্ত যোৱা এটা বছৰে তেওঁলোকে এই ঘৰৰ নামত ফুটাকড়ি এটাও লাভ কৰিবলৈ সক্ষম নহ'ল । হিতাধিকাৰীসকলে বিজনী নগৰ সমিতিৰ কাৰ্যালয়ৰ সৈতে বহুবাৰ তাঁতবাতি কাঢ়িও একো নোপোৱাৰ অভিযোগ কৰে ।
লোকৰ ঘৰত হাজিৰা-মজুৰি কৰি এসাঁজ খাই কোনোমতে নিজৰ পৰিয়াল পোহপাল দিয়ে এইসকল দৰিদ্ৰ লোকে ।
এনে অৱস্থাত এইসকল দৰিদ্ৰ লোকক প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ গৃহ দিয়াৰ প্ৰলোভন দি কিয় নিজৰ টকা খৰচ কৰি ঘৰৰ কাম আৰম্ভ কৰিব দিলে সেয়া ৰহস্যজনক হৈ পৰিছে ।
ইপিনে দৰিদ্ৰ লোকসকলে নিজৰ জুপুৰি ভাঙি যোৱা এটা বছৰে কোনোমতে থাকিবলগীয়া হৈছে ৷ কিন্তু ইয়াৰ বাবে দায়ী কোন বুলিও প্ৰশ্ন উত্থাপন হৈছে ৷
নগৰ সমিতিৰ অন্তৰ্গত এলেকাত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণত এই ধৰণৰ দুৰ্নীতিৰ বিষয়ে বিজনী নগৰ সমিতিৰ সভাপতি ৰমাকান্ত বসুমতাৰীক সোধাত তেওঁ জনায় যে আচলতে নগৰ সমিতিৰ প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ অধীনত ১২৭জন হিতাধিকাৰীৰ মাজত প্ৰথম পৰ্যায়ত ৬৪জন হিতাধিকাৰীক গৃহ নিৰ্মাণৰ বাবে পুঁজি বিতৰণ কৰা হৈছে ।
বাকীসকল হিতাধিকাৰীৰ কিছু বিসংগতি থকাৰ বাবে গৃহ মঞ্জুৰি দিব পৰা নাই বুলি জনোৱাৰ লগতে নগৰ সমিতিৰ পৰা কোনো লোককে নিজাকৈ ঘৰৰ কাম আগবঢ়োৱাৰ নিৰ্দেশ দিয়া নাই বুলিও মন্তব্য কৰে ।
এতিয়া প্ৰশ্ন হৈছে, বিজেপি নেতৃত্বাধীন চৰকাৰে সততে দেখিবলৈ তথা শুনিব পোৱা ধৰণে প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ নামত আঁচনিৰ সফল ৰূপায়ণৰ যি ফটা ঢোল বজায় সেয়া কিমান সত্য ?
- Log in to post comments
- 8 views