সমাজসেৱক উমাকান্ত নাথৰ বিয়োগ

s

ৰহাৰ দীঘলদৰিৰ সৰবৰহী ব্যক্তি তথা বিশিষ্ট সমাজ সেৱক উমাকান্ত নাথৰ প্ৰায় ৭৮ বছৰ বয়সত উচ্চ ৰক্তচাপজনিত ৰোগত মৃত্যু হয়৷ বুধবাৰৰ নিশা নগাঁৱৰ চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হয় নাথৰ । আহোম যুগৰ ইতিহাস প্ৰসিদ্ধ বেবেজীয়া নামঘৰ পৰিচালনা সমিতিৰ তদানিন্তন সভাপতি নাথে বামণ গোসাই থানৰ হোম পুৰা সবাহৰ সভাপতি, ষাঠিঘৰীয়া সমবায় সমিতিৰ সম্পাদক, পহুপুৰি-কাকতিগাঁও বিল উন্নয়ন সমিতিৰ সভাপতি আৰু ৭০২নং কাকতিগাঁও প্ৰাথমিক বিদ্যালয়ৰ সভাপতিৰূপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে বৃহত্তৰ অঞ্চলটোৰ সামাজিক, সাংস্কৃতিক তথা আৰ্থ সামাজিক কামত তেখেতৰ অবদান আছিল উল্লেখনীয় ।

যাত্ৰা, অংকীয়া নাটৰ অভিনেতাৰূপে একালত জনপ্ৰিয়তা অৰ্জন কৰা নাথে মৃত্যুৰ সময়ত পত্নী, ভাতৃ, ভগ্নী, পুত্ৰ, কণ্যা, নাতি সমন্বিতে এটি যৌথ আদৰ্শ পৰিয়াল এৰি থৈ যায় । উমাকান্ত নাথৰ দৰে এজন সমাজ-প্ৰেমী অভিভাৱকক হেৰুৱাই পৰিয়ালৰ লগতে অঞ্চলটোত শোকৰ ছাঁ পৰিছে । 

Your Comments