চেঙাৰ পৰা সুৰজিৎ পাঠক
ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে বৰপেটা জিলাৰ চেঙা আৰু নলবাৰী জিলাৰ দৌলাশালত ছাত্ৰ সন্থাই পৃথকে পৃথকে আজি ছহিদ দিৱস পালন কৰে । চেঙা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ঐতিহাসিক অসম আন্দোলনৰ প্ৰথম ছহিদ খৰ্গেশ্বৰ তালুকদাৰৰ লগতে অসমৰ জাতীয় জীৱনৰ বীৰ পুৰুষসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে ৰূপায়িত কাৰ্যসূচী অনুসৰি সদৌ ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰে চেঙা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰূপম পাঠকে ।
বৰপেটা জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি খনীন পাঠকে বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণেৰে মুখ্য তৰ্পক হিচাপে ছহিদ তৰ্পণ কাৰ্যসূচী মুকলি কৰাৰ পাছত চেঙা আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক প্ৰণৱ কুমাৰ ৰয়, সহকাৰী সম্পাদক নয়নমণি দাস প্ৰমুখ্যে আঞ্চলিক ছাত্ৰ সন্থাৰ বহুকেইজন সদস্যই অংশগ্ৰহণ কৰে ।
ইফালে জাতীয় ছহিদসকলক গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে অনুষ্ঠানত অংশগ্ৰহণ কৰি বৰপেটা মহকুমা ছাত্ৰ সন্থাৰ উপদেষ্টা চিন্ময় ডেকাই 'অসম চুক্তি' ৰাষ্ট্ৰীয় প্ৰতিশ্ৰুতি বুলি উল্লেখ কৰি 'অসম চুক্তি'ৰ দফাসমূহৰ সময় নিৰ্ধাৰিত কাৰ্যসূচীৰে ৰূপায়ণ হ'বই লাগিব বুলি কৈ আছুৰ পৰা গৈ ৰাজপাটত বহাসকলক, ছহিদৰ শপত লোৱাসকলক সকীয়াই দিয়ে ।
ছাত্ৰ নেতাজনে ছহিদৰ ত্যাগক অথলে যাব নিদিয়ে বুলিও উল্লেখ কৰে । ছহিদ দিৱস উপলক্ষে ছাত্ৰ সন্থাৰ সদস্যসকলে সন্ধিয়া ছহিদ বেদী, ছহিদ ভৱন প্ৰাংগণ আৰু ৰাজহুৱা স্থানত বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী ৰূপায়ণ কৰে ।
আনহাতে, নলবাৰী জিলাৰ বৰক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থাইও বৰক্ষেত্ৰীৰ বিভিন্ন ঠাইত অৱস্থিত ছহিদ বেদীত বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে বুলি জানিবলৈ দিয়ে বৰক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি-সম্পাদক ক্ৰমে ৰফিকুল ইছলাম আৰু ৰাজদ্বীপ তালুকদাৰে ।
ইফালে পশ্চিম বৰক্ষেত্ৰী শাখা ছাত্ৰ সন্থাৰ উদ্যোগত দৌলাশালত সন্ধিয়া ছহিদ বেদীত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰাক্তন ছাত্ৰকৰ্মী লীলাধৰ পাঠকে ।
বামুণবড়ীতো ছহিদ বেদীত বন্তি প্ৰজ্বলন কৰা হয় বুলি জানিবলৈ দিয়ে পশ্চিম বৰক্ষেত্ৰী ছাত্ৰ সন্থাৰ সভাপতি-সম্পাদক জেহেৰুল হক আৰু দেৱজিৎ নাথে ।
- Log in to post comments
- 18 views