ৰঙিয়া-তামুলপুৰ সমষ্টি সংযোগী কাঠৰ দলঙৰ জৰাজীৰ্ণ অৱস্থা, জীয়াতু ভুগিছে ৰাইজে

ৰঙিয়া-তামুলপুৰ সমষ্টি সংযোগী কাঠৰ দলঙৰ জৰাজীৰ্ণ অৱস্থা, জীয়াতু ভুগিছে ৰাইজে

সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰখনৰ উন্নয়নৰ শ্লোগান আজি যেন  প্ৰহসনতহে  পৰিণত হবলৈ ওলাইছে। বছৰ বছৰ ধৰি দ্বাৰকুছি আৰু গোৰেশ্বৰ অঞ্চলৰ ৰাইজে এখন দলঙৰ নামত জনপ্ৰতিনিধিৰ ওচৰত বাৰে বাৰে তাঁতবাটি কাঢ়িও ব্যৰ্থ হবলগীয়া কথাটোৱে যেন তেনে এক ইংগিতেই দাঙি ধৰিছে। দ্বাৰকুছি-গোৰেশ্বৰ পথৰ নিজ ডেফেলী ৰাজহ গাঁওৰ লাচী অঞ্চলৰ বৰলীয়া নদীৰ ওপৰত থকা কাঠৰ দলংখন বহু বছৰ আগতে বানপানীয়ে উটুৱাই নিছিল।

ৰঙিয়া-তামুলপুৰ সমষ্টি সংযোগী কাঠৰ দলঙৰ জৰাজীৰ্ণ অৱস্থা, জীয়াতু ভুগিছে ৰাইজে

সেই সময়ৰ পৰাই  দ্বাৰকুছিৰ পৰা গোৰেশ্বৰ অঞ্চললৈ অহা যোৱা কৰা স্কুলীয়া ছাত্ৰ-ছাত্ৰী,সাধাৰণ পথচাৰী,চৰকাৰী কৰ্মচাৰী,ব্যৱসায়ী আদি সকলো লোকেই  যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আহিছে।ৰঙিয়া আৰু তামুলপুৰ সমষ্টি সংযোগী এই দলংখনৰ এফালে ৰাজ্য চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী ভবেশ কলিতাৰ সমষ্টি  আৰু আনফালে চৰকাৰখনৰে সহযোগী দল বি পি এফ ৰ বিধায়ক ইমানুৱেল মুছাহাৰীৰ সমষ্টি হোৱাৰ পিছতো  দলংখন বৰ্তমানলৈ নিৰ্মাণ নোহোৱাত  অঞ্চলটোৰ ৰাইজক ক্ষুব্ধ হৈ পৰিছে । 

কেইবাবাৰো জনপ্ৰতিনিধি দুগৰাকীক অঞ্চলটোৰ ৰাইজে অৱগত কৰাৰ পিছতো কোনো গুৰুত্ব নিদিয়াত এই দলংবিহীন পথছোৱাৰে বাৰিষাৰ সময়ত কলৰ ভূৰেই একমাত্ৰ সাৰথি হৈ পৰে অঞ্চলবাসী ৰাইজ তথা স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ। কলৰ ভূৰৰ পৰা পিছলি পৰাকে ধৰি সঘনাই  নানা দুৰ্ঘটনা ঘটি থকা এই পথটো দৈনন্দিন ব্যৱহাৰ কৰিবলৈ বাধ্য হোৱা স্থানীয় ৰাইজৰ চৰকাৰলৈ আহ্বান-নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি দিবলৈ অহাতকৈ দলংখন নিৰ্মাণ কৰি দ্বাৰকুছি,গোৰেশ্বৰ অঞ্চলৰ ৰাইজক অহা যোৱা কৰাত সুবিধা কৰি দিয়ক।পৰিৱৰ্তনৰ শ্লোগান গাই দিছপুৰৰ গাদী দখল কৰা চৰকাৰখনৰ সময় হব নে এই অঞ্চলবাসীৰ দীৰ্ঘদিনীয়া  সমস্যাটো সমাধান কৰাৰ ?

Your Comments