হোজাইত সাংবাদিকৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবীত প্ৰধান মন্ত্ৰী-মুখ্য মন্ত্ৰীলৈ পত্ৰ লিখিব আজমলে

হোজাইৰ সাংবাদিকে কেতিয়া লাভ কৰিব নিৰাপত্তা ?

ডবকাৰ পৰা জমিৰ উদ্দিন তালুকদাৰ

হোজাই জিলাৰ লংকাৰ পৰা এটা ব্যক্তিগত টিভি চেনেলত কৰ্মৰত অৰিন্দম চৌধুৰী নামৰ যুৱ সাংবাদিকজনৰ ৰহস্যজনক মৃত্যুৰ প্ৰতিক্ৰিয়া আজিও অব্যাহত আছে ৷

শনিবাৰে পুৱা সাংবাদিকজনৰ মৃতদেহ ৰহস্যজনক অৱস্থাত তেওঁৰ লংকাৰ বামুণগাঁওস্থিত বাসগৃহত উদ্ধাৰ হৈছিল । এখন খিৰিকীত চিপ লোৱা অৱস্থাত আৰু মজিয়াত আঁঠুকাঢ়ি থকা অৱস্থাত উদ্ধাৰ হৈছিল সাংবাদিকগৰাকীৰ মৃতদেহ ৷

আজি এই ঘটনা সম্পৰ্কত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সাংসদ তথা এ আই ইউ ডি এফৰ সভাপতি মৌলানা বদৰুদ্দিন আজমলে । আজি পঞ্চায়ত নিৰ্বাচনৰ ভোট দিবলৈ আহি আজমলে সাংবাদিকৰ আগত কয় যে সাংবাদিকসকলক নিৰাপত্তা দিয়াত চৰকাৰ ব্যৰ্থ হৈছে ৷

লংকাৰ সাংবাদিকজনৰ ৰহস্যজনক মৃত্যু হত্যা হ'ব পাৰে বুলি আমাৰ সন্দেহ হৈছে ৷ ইয়াৰ উচিত তদন্ত হ'ব লাগে আৰু দোষীয়ে শাস্তি পাব লাগে বুলি আজমলে কয়  নিজৰ জীৱন বিপন্ন কৰি জনসাধাৰণক খবৰ যোগান ধৰা সাংবাদিকসকলক উপযুক্ত নিৰাপত্তা দিব লাগে বুলিও আজমলে মন্তব্য কৰে ।

এই সম্পৰ্কত আজমলে দেশৰ প্ৰধান মন্ত্ৰী আৰু ৰাজ্যৰ মুখ্য মন্ত্ৰীলৈ দাবী-পত্ৰ প্ৰেৰণ কৰিব বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে । উল্লেখ্য, যোৱা দুটা দশকত হোজাই জিলাত তিনিজনকৈ সাংবাদিকক হত্যা কৰিছিল আততায়ীয়ে ৷

১৯৯৮ চনৰ ৪ মাৰ্চত সাংবাদিক তথা "স্বতন্ত্ৰ আৱাজ" নামৰ কাকতখনৰ সহকাৰী সম্পাদক নুৰুল হক, ২০০৮ চনৰ ১ এপ্ৰিলত "অসমীয়া প্ৰতিদিন"ৰ মোৰাজাৰৰ সাংবাদিক মুছলিম উদ্দিনক আৰু পৰৱৰ্তী ২০১০ চনত অধুনালুপ্ত "স্বতন্ত্ৰ আৱাজ" নামৰ কাকতখনৰ সম্পাদক বিমলা প্ৰসাদ তালুকদাৰক অজ্ঞাত আততায়ীয়ে হত্যা কৰিছিল ৷

পুনৰ যোৱা ৮ ডিচেম্বৰত লংকাৰ যুৱ সাংবাদিক অৰিন্দম চৌধুৰীৰ ৰহস্যজনক মৃত্যুৱে উদ্বিগ্ন কৰি তুলিছে হোজাই জিলাৰ কৰ্মৰত সাংবাদিকসকলক ।

কঠিন পৰিস্থিতিৰ মাজতো নিষ্ঠাৰে সাংবাদিকতা কৰি থকা হোজাই জিলাৰ সাংবাদিকসকলক উপযুক্ত নিৰাপত্তা প্ৰদানৰ ক্ষেত্ৰত চৰকাৰে কেতিয়া ব্যৱস্থা গ্ৰহণ কৰিব এই প্ৰশ্নও উত্থাপিত হৈছে ।

কিয়নো ইতিপূৰ্বে হত্যাৰ বলি সাংবাদিকসকলৰ হত্যাকাৰী বিশেষকৈ মোৰাজাৰৰ সাংবাদিক মুছলিম উদ্দিন, নুৰুল হক, বিমলা তালুকদাৰৰ হত্যাকাৰীয়ে আজিও উপযুক্ত শাস্তি নাপালে ৷

Your Comments