গোলাঘাট চৰকাৰী পেঞ্চনাৰ সন্থাৰ জীৱন-পঞ্জী প্ৰকাশৰ প্ৰস্তুতি

গোলাঘাট চৰকাৰী পেঞ্চনাৰ সন্থাৰ জীৱন-পঞ্জী প্ৰকাশৰ প্ৰস্তুতি

গোলাঘাট : অসম চৰকাৰী পেঞ্চনাৰ সন্থাৰ গোলাঘাট শাখাই সন্থাৰ অন্তৰ্ভুক্ত সমূহ সদস্যৰ এখন জীৱন-পঞ্জী প্ৰস্তুত কৰাৰ কাৰ্যসূচী হাতত লৈছে ৷  এই উদ্দেশ্যে ভৱেন্দ্ৰনাথ বৰা আৰু পুণ্যেশ্বৰ পুজাৰীক উপদেষ্টা, সুৰেন্দ্ৰনাথ ৰাজকুমাৰক সভাপতি, জিতেন কাকতিক মুখ্য সম্পাদক, ৰত্নেশ্বৰ দত্ত, পুষ্পেন্দ্ৰ গোহাঁই আৰু ধীৰেন শইকীয়াক সহযোগী সম্পাদক হিচাপে লৈ এখনি সম্পাদনা সমিতি গঠন কৰা হয় ৷ সমিতিৰ মুখ্য সম্পাদক জিতেন কাকতিয়ে গোলাঘাটৰ সমূহ পঞ্জীভুক্ত চৰকাৰী পেঞ্চনাৰসকলক গোলাঘাটৰ কাৰ্যালয়ৰ পৰা প্ৰতি বুধবাৰে দিনৰ এঘাৰ বজাত কাৰ্যালয় খোলা সময়ত প-পত্ৰ সমূহ সংগ্ৰহ কৰি অহা ৩১ আগষ্টৰ ভিতৰত তথ্য সমূহ দাখিল কৰিবলৈ অনুৰোধ জনাইছে ৷ ঃবিতং তথ্যৰ বাবে ৯৪৩৫০-৫৪৩৭৫ নম্বৰত যোগাযোগ কৰিব পাৰিব ৷

Your Comments