নগাঁৱত পথ উন্নীতকৰণৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ

নগাঁৱত পথ উন্নীতকৰণৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ

নগাঁৱৰ পৰা ৱাহিদুদ জামান

কেন্দ্ৰীয় পথ পুঁজি (চি আৰ এফ), ২০১৬-২০১৭ আঁচনিৰ অধীনত আবণ্টিত ধনেৰে নগাঁও কলেজ পুলিচ পইণ্টৰ পৰা বৰঘাত পৰ্যন্ত ৫.১৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱাৰ উন্নীতকৰণৰ কামত ব্যাপক দুৰ্নীতি-অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে ।

নগাঁও গড়কাপ্তানী (ৰাজ্যিক) পথ সংমণ্ডলৰ অন্তৰ্গত নগাঁও কলেজৰ পৰা বৰঘাট বাইপাছলৈ যোৱা পুৰণা ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ উন্নীতকৰণ কামৰ যোৱা ২০ নৱেম্বৰত আধাৰশিলা স্থাপন কৰিছিল কেন্দ্ৰীয় ৰে'ল ৰাজ্যমন্ত্ৰী ৰাজেন গোঁহায়ে ।

প্ৰাপ্ত তথ্যমতে, এই পথছোৱাৰ নগাঁও চিভিল গে'টৰ পৰা বৰঘাট বাইপাছলৈ যোৱা প্ৰায় দুই কিলোমিটাৰ ৰাস্তা নিৰ্মাণৰ বাবদ কেন্দ্ৰীয় পথ পুঁজি (চি আৰ এফ)ৰ অধীনত ১১,৫২,৬২,৬৪৬ টকা আবণ্টন লাভ কৰিছিল ।

এই বৃহৎ পৰিমাণৰ ধনেৰে আচঁনিখনৰ প্ৰাক্‌-কলন অনুসৰি পথছোৱাৰ উন্নীতকৰণৰ কাম নকৰাত কাম অতি নিম্নমানৰ হৈছে । যাৰ ফলত ৰাইজ অসন্তুষ্ট হৈ পৰা পৰিলক্ষিত হৈছে ।

সম্প্ৰতি কাম চলি থকা পথছোৱাত অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ ফলত পথ নিৰ্মাণকাৰ্য অতি বিসংগতিপূৰ্ণ হোৱাৰ অভিযোগ উঠিছে । এই পথছোৱাৰ মৰিকলং বকুলতল অংশত চি চি ব্লকেৰে পথ নিৰ্মাণকাৰ্য ইতিমধ্যে সম্পন্ন কৰিছে যদিও চি চি ব্লকৰ তলৰ অংশত নিয়ম অনুসৰি শিল-বালি আদি সামগ্ৰী নিদিয়াৰ লগতে পথছোৱাৰ দুয়োকাষেও ঠাই বিশেষে প্ৰয়োজনীয় মাটি নেপেলোৱাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে ।

নগাঁৱত পথ উন্নীতকৰণৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ

এইদৰে পথছোৱাৰ নিৰ্মাণকাৰ্য অব্যাহত থকাত কিছুদিন পূৰ্বে একাংশ ৰাইজে প্ৰতিবাদ কৰিছিল । পথ নিৰ্মাণৰ ঠিকা লাভ কৰা ঠিকাদাৰে কনিষ্ঠ অভিযন্তা তথা বিভাগীয় বিষয়া-কৰ্মচাৰীৰ লগত মিলি নিম্নমানৰ কাম কৰি লুণ্ঠন চলোৱাৰ অভিযোগ উঠিছে ।

ইপিনে, হোজাই-ডবকা, লামডিং, ডিফু আদিকে ধৰি কেইবাটাও অঞ্চলৰ ৰাইজৰ বাবে নগাঁও চহৰলৈ অহা একমাত্ৰ পথছোৱাৰ নিৰ্মানকাৰ্য‌ও অতি শামুকীয়া গতিত চলি থকাত ৰাইজে জীয়াতু ভুগিবলগীয়া হৈছে ।

নিৰ্মাণকাৰ্যত ব্যৱহৃত বিভিন্ন সামগ্ৰী পথটোৰ দাঁতিত পৰি থকা আৰু কালভাৰ্ট আদিৰ বাবে পুতি থোৱা গাঁতত পৰি ইতিমধ্যে বহু লোক দুৰ্ঘটনাত পতিত হৈছে ।

Your Comments