৪.৬২ কোটি ধনৰ গড়মূৰ জেংৰাই পথ মেৰামতিৰ প্ৰকল্প ৰূপায়ণত অনিয়ম

ৌ

সম্প্ৰতি ৰূপায়ণ হৈ থকা গড়মূৰ জেংৰাই গড়কাপ্তানি পথৰ ৪ কোটি ৬২ লাখ কোটি টকাৰ প্ৰকল্পত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উথাপিত হৈছে। মাজুলীৰ  মেৰুদণ্ড স্বৰূপ গড়কাপ্তানি পথত বৰ্তমান ব্লেক টপিংৰ কাম চলি আছে যদিও নিৰ্মিয়মান অৱস্থাতে শ্বীপছ শিলবোৰ ওলাই পৰিছে । শিলবোৰ ৰঙৰ সৈতে ভালকৈ মিহলাই পিটচিং কৰি ৰোলাৰ নকৰাৰ বাবে যথেষ্ট বিসংগতি পৰিলক্ষিত হৈছে । ৪.৫ কোটি ধনৰ এই অভিলাসী আচঁনিটোৰ প্ৰাক্‌কলনমতে আচঁনি ৰূপায়ণ কৰা হোৱা নাই। ফলত নিম্নমানৰ ৰূপায়ণেৰে আচঁনিৰ ধন আত্মসাৎ কৰাৰ গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈছে দত্ত উপাধিৰ ঠিকাদাৰ তথা গড়কাপ্তানি বিভাগৰ বিষয়া-কৰ্মচাৰী ।

কামসমূহ কোনো পদ্ধতিগত নোহোৱাৰো গুৰুত্বপূৰ্ণ অভিযোগ উঠিছে। গুৱাহাটীৰ পৰা মাজুলীলৈ সোমোৱাৰ একমাত্ৰ যাতায়ত ব্যৱস্থা । দৈনিক বিভিন্ন পৰ্যায়ৰ চাৰিচকীয়া গাড়ী শৰ ওপৰত মাজুলীলৈ আহে । সেইলৈ গড়মূৰ জেংৰাই গড়কাপ্তানি পথৰ গুৰুত্বতা বৃদ্ধি পাইছে যদিও নিৰ্মাণকাৰী সংস্থা তথা সংলিষ্ট গড়কাপ্তানি বিভাগে কোনো প্ৰদান কৰা পৰিলক্ষিত হোৱা নাই। আচঁনি ৰূপায়ণৰ নামত এক লৰা-ধেমালি কৰি আছে সংস্থাটোৱে। আচঁনি ৰূপায়ণৰ নামত যথেষ্ট লেহেমীয়া হোৱাৰো গুৰুতৰ অভিযোগ আহিছে ।

ৌ

যাৰ ফলত নূন্যতম কামো আগবঢ়া নাই। প্ৰায় ২০ কিলো'মিটাৰ দৈৰ্ঘ্যৰ পথটোৰ পৰা এতিয়ালৈ মাত্ৰ ৪ কিল'মিটাৰ দৈৰ্ঘ্যৰহে কাম অগ্ৰগতি হৈছে । মাজুলীৰ বিভিন্ন দল সংগঠনে সংলিষ্ট বিভাগ তথা মাজুলী জিলা প্ৰশাসনক দাবী জনাই অহাৰ পিছতো দত্ত উপাধিৰ ঠিকাদাৰগৰাকীক নাকী লগাব পৰা নাই ।

উল্লেখ্য যে পথটোৰ বিধ্বস্ত অৱস্হাৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন দল-সংগঠনৰ ধাৰাবাহিক আন্দোলন তথা স্হানীয় মাজুলীবাসীয়ে জনোৱা দাবীৰ পৰিপ্রেক্ষিতত শেহতীয়াকৈ গড়কাপ্তানি বিভাগে পথটোৰ মেৰামতিৰ বাবদ ৪ কোটি ৬২ লাখ টকাৰ আবণ্টন দি মাজুলীৰ দত্ত উপাধিৰ ঠিকাদাৰক দায়িত্ব ন্যস্ত কৰে।

আচঁনিৰ প্ৰাককলনমতে শিল-বালিৰে খলা-বমা গাঁত পুতি 'কাৰ্পেটিং পিটচ'সহ পুনৰ মেৰামতি ব্যৱস্হা কৰিব লাগে যদিও গাঁতবোৰ পুতিবলৈ যাওঁতে প্ৰয়োজনীয় গ্ৰেবেলবোৰ পদ্ধতিগতভাৱে নিদিয়া, শক্তিশালীভাৱে টাইদ নকৰা, ঠিকমতে ৰোলাৰ নকৰা, গাঁতবোৰ ঠিক নকৰা, নিম্নমানৰ বালিৰ ব্যৱহাৰ কৰা, দক্ষ শ্ৰমিক নিয়োগ নকৰা আদি অনেকধৰনৰ অভিযোগ কাম আৰম্ভণিৰ পৰা চলি আহিছে। বিশেষকৈ সংলিস্ট গড়কাপ্তানী বিভাগৰ বিষয়া কৰ্মচাৰীৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি ঠিকাদাৰগৰাকীয়ে আচঁনি ৰূপায়ণৰ নামত বিভিন্ন আসোঁৱাহ তথা অনিয়ম সংঘঠিত হৈছে ।

Your Comments