মাজুলীৰ ফুলনিত পেট্ৰ'ল পাম্প মুকলি

ৌ

দেশে স্বাধীনতা লাভৰ সত্তৰ বছৰৰ পিছত উজনি মাজুলীৰ ফুলনি চাৰিআলিত ভাৰতীয় তেল নিগম লিমিটেডৰ অধীনত ফুলনি কৃষান সেৱা কেন্দ্ৰ নামেৰে এক পেট্ৰ'ল পাম্প আজি মুকলি কৰা হয় । উল্লেখ্য যে যোৱা ৩ ডিছেম্বৰত ফুলনি কৃষান সেৱা কেন্দ্ৰত মাংগলিক কাৰ্য কৰাৰ পিছত আজি আনুষ্ঠানিকভাৱে গ্ৰাহকৰ বাইকত তেল ভৰাই দি কেন্দ্ৰটো ৰাইজৰ সেৱাত মুকলি কৰা হয় ।

উল্লেখ্য যে মাজুলীৰ ২০খন গাওঁ পঞ্চায়তৰ অন্তৰ্গত ১২খন গাওঁ পঞ্চায়ত উজনি মাজুলীত আছে । কেন্দ্ৰটোত পেট্ৰ'ল আৰু ডিজেলৰ বাবে একোটাকৈ পাম্প দিয়া হৈছে যদিও উজনি মাজুলীৰ গ্ৰাহকৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি পাম্পৰ সংখ্যা আৰু এটা বা দুটা বৃদ্ধি কৰিব বুলি কৰ্তৃপক্ষই জনাইছে। ইয়াৰ উপৰি কেন্দ্ৰটোৰ সংলগ্ন কেনপি তথা বেংক প্ৰতিষ্ঠান ,এ টি এম আদি প্ৰতিষ্ঠা কৰি এই কেন্দ্ৰৰ পূৰ্ণাংগ ৰূপ দিবলৈ উজনি মাজুলীৰ গ্ৰাহক ৰাইজে আহ্বান জনাইছে।

Your Comments