অসমত উদ্বেগজনক বাবে বৃদ্ধি হৈছে কেঞ্চাৰৰ বেমাৰীৰ সংখ্যা : ডাঃ ৰঞ্জন গোস্বামী

ৌ

নগাঁৱৰ পৰা ৱাহিদুদ জামান
স্বাস্থ্য বিভাগৰ অধীনত থকা জিলা ধঁপাত নিয়ন্ত্ৰয়ন কোষ নগাঁৱৰ উদ্যোগত আজি নগাঁও প্ৰেছ ক্লাৱত এখন জনজাগৰণ সভা অনুষ্ঠিত হয়। ৰাষ্ট্ৰীয় ধঁপাত নিয়ন্ত্ৰণ আঁচনিৰ অধীনত জিলাখনৰ সাংবাদিকসকলৰ মাজত অনুষ্ঠিত এই সজাগতা সভাত মুলতঃ ধঁপাতৰ ভয়াবহতাৰ ওপৰত আলোকপাত কৰা হয়।

সভাত আঁচনিখনৰ জিলা প্ৰবন্ধক বিষয়া ডাঃ ৰঞ্জন গোস্বামীয়ে আলোচনা দাঙি কয়- ধঁপাত সেৱনৰ ফলত ভাৰতবৰ্ষত প্ৰতিদিনে ২২০০ জন মানুহ ধঁপাতজনিত ৰোগত মৃত্যু হয় আৰু একে সময়তে নতুনকৈ ৫৫০০জনকৈ লোক ধঁপাতৰ প্ৰতি আসক্তি বৃদ্ধি হৈছে । উল্লেখ কৰি ডা: গোস্বামীয়ে কয়- দুৰাৰোগ্য কেঞ্চাৰ বেমাৰীৰ ভিতৰত ৪০ শতাংশ লোকৰ কেঞ্চাৰ একমাত্ৰ ধঁপাত সেৱন কৰাৰ ফলত হয় ।

ইয়াৰ ভিতৰত ২৫ শতাংশ মহিলাও আছে । অতি পৰিতাপৰ কথা এই যে ভাৰতবৰ্ষৰ তুলনাত অসমত ১০ শতাংশ লোকৰ ধঁপাতৰ প্ৰতি আসক্তি বৃদ্ধি হোৱাৰ লগতে উদ্বেগজনক বাবে বৃদ্ধি হৈছে মাৰাত্মক কেঞ্চাৰ বেমাৰীৰ সংখ্যা । তেওঁ ধঁপাতৰ ভয়াবহতাৰ প্ৰতি সজাগ হ'বলৈ সকলোকে আহ্বান    জনায় ।

ৰাজহুৱা স্থানত ধঁপাত সেৱন কৰিলে আইন অনুসৰি, ৫০০০ হাজাৰ টকা জৰিমনা সহ পাচঁ বছৰ পৰ্যন্ত জেল হ'ব পাৰে বুলিও তেওঁ উল্লেখ  কৰে । নগাঁও প্ৰেছ ক্লাৱৰ সভাপতি কনক হাজৰিকাই আত ধৰা এই সভাত ডাঃ কবিতা বৰুৱা, আঁচনি সহযোগীদয় ৰুমা বৰদলৈ আৰু ময়ুৰী বৰা আদি উপস্থিত থাকে । 

Your Comments