মাজুলীত মথাউৰি নিৰ্মাণৰ বাবে কোনো উচ্ছেদ অভিযানৰ নিৰ্দেশ দিয়া নাই জিলা প্ৰশাসনে । এই সন্দৰ্ভত আজি ভুৱা প্ৰচাৰ চলাৰ বিষয়ে দৃষ্টিগোচৰ হোৱাৰ পাছতে মাজুলী জিলা প্ৰশাসনে এক প্ৰেছ বিবৃতিৰ জৰিয়তে এই কথা স্পষ্ট কৰি দিয়ে। নামনি মাজুলীৰ কমলাবাৰী-কাকৰিকটা-গোৱালগাঁও ব্ৰহ্মপুত্ৰৰ মথাউৰি (টুনি মথাউৰি)ৰ প্ৰায় ৭.৫ কিলো'মিটাৰ দৈৰ্ঘ্যৰ অংশ সবলীকৰণৰ বাবে জলসম্পদ বিভাগে এখন আঁচনি ৰূপায়ণ কৰি থকাৰ সময়তে আউনিআটী আলিমূৰ গাঁৱত মথাউৰিৰ সমীপৰ পৰিয়ালক উচ্ছেদৰ জাননী দিয়া বুলি শুক্ৰবাৰে এটা সংবাদ মাধ্যমত প্ৰচাৰিত হয়।
এই বাতৰি খণ্ডন কৰি প্ৰশাসনৰ ফালৰ পৰা জনসাধাৰণৰ জ্ঞাতাৰ্থে এক বিবৃতি প্ৰকাশ কৰা হয় যে, জিলাখনৰ কোনো অংশতে প্ৰশাসনে কোনোধৰণৰ উচ্ছেদৰ জাননী জাৰি কৰা নাই। মাজুলীবাসীৰ বৃহত্তৰ স্বাৰ্থৰ অলপো ক্ষতি নহয় আৰু জনসাধাৰণৰো যাতে অসুবিধাত নপৰে, সেয়া সম্পূৰ্ণ সুনিশ্চিত কৰাত মাজুলী জিলা প্ৰশাসনে সম্পূৰ্ণ দায়বদ্ধতাৰে প্ৰয়াস চলাই আহিছে । এই উচ্ছেদৰ ভুৱা প্ৰচাৰকলৈ ৰাইজ চিন্তিত হোৱাৰ প্ৰয়োজন নাই বুলি বিবৃতিটোত আশ্বাস দিয়া হৈছ ।
এই উচ্ছেদৰ বাতৰি দৃঢ়তাৰে খণ্ডণ কৰিছে জলসম্পদ বিভাগৰ মাজুলী সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা ডঃ ৰাজীৱ গোস্বামীয়েও । উপায়ুক্তৰ নিৰ্দেশত আজি আগবেলাই মথাউৰিটোৰ আউনিআটী আলিমূৰগাঁৱৰ অংশলৈ গৈ বিষয়টো চৰজমিন অধ্যয়ন কৰে কাৰ্যবাহী অভিযন্তা গৰাকীয়ে । জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা ডঃ গোস্বামীয়ে বিভাগটোৰ ফালৰ পৰাও মথাউৰীপৰীয়া পৰিয়ালসমূহক হাৰাশাস্তি কৰা বা তেওঁলোক অসুবিধাত পৰিব পৰা কোনোধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই বুলি ৰাইজক জানিবলৈ দিয়ে ।
স্থানীয় ৰাইজক এইক্ষেত্ৰত আশ্বস্ত কৰি তেওঁ কয়, "মাজুলীৰ সুৰক্ষাৰ দিশত অতি গুৰুত্বপূৰ্ণ কমলাবাৰীৰ পৰা কাকৰিকটা হৈ গোৱালগাঁৱলৈ থকা এই মথাউৰিটো সবলীকৰণৰ বাবে ইতিপূৰ্বে অনুমোদিত আঁচনি এখনৰ ৰূপায়ণ কাৰ্য যোৱা ডেৰ মাহমানৰ পৰা চলি আছে । এই নিৰ্মাণ কাৰ্যৰ সময়ত অঞ্চলটোৰ ৰাইজৰ অসুবিধা হ'ব পৰা কোনো পদক্ষেপ বিভাগৰ ফালৰ পৰা লোৱা হোৱা নাই ।
বৰঞ্চ ৰাইজৰ সহযোগতহে কাম আগবঢ়োৱা হৈছে । উচ্ছেদৰ বাবে কেৱল জিলা প্ৰশাসনেহে ব্যৱস্থা ল'ব পাৰে, আমাৰ কৰ্তৃত্ব নাথাকে ।' জলসম্পদ বিভাগে উচ্ছেদৰ বাবে জিলা প্ৰশাসনৰ কাষেই চপা নাই বুলিও তেওঁ স্পষ্ট কৰি দিয়ে। উল্লেখ্য যে, মথাউৰিটোৰ এই ৭.৫ কিলোমিটাৰ দৈৰ্ঘৰ অংশত সবলীকৰণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পাছতে গড়কাপ্তানী বিভাগে এই মথাউৰিটো পেভাৰ ব্লক পথলৈ উন্নীত কৰি অঞ্চলটোৰ পথ যোগাযোগ ব্যৱস্থা উন্নীত কৰিব ।
- Log in to post comments
- 7 views