ধুবুৰী জিলাৰ চাপৰৰ সত্যপুৰ নিবাসী ধুবুৰী পূব জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ বৰ্তমানৰ জিলা উপদেষ্টা তথা ধুবুৰী জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি চন্দন কুমাৰ ৰায়ৰ আজি গধূলি বঙাইগাঁৱৰ লৱাৰ আছাম হাস্পাতালত যকৃত ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত পৰলোক ঘটে ৷
মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৪০ বছৰ ৷ আক্ৰাছুৰ কেন্দ্ৰীয় সভাপতি অৰুণ কুমাৰ ৰায় আৰু সাধাৰণ সম্পাদক গোকুল বৰ্মনে আক্ৰাছু নেতা চন্দন কুমাৰ ৰায়ৰ আকস্মিক মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ৷
নেতাদ্বয়ে চন্দন কুমাৰ ৰায় আক্ৰাছুৰ এজন সৎ, দক্ষ আৰু নিষ্ঠাৱান কৰ্মকৰ্তা আছিল বুলি শোকবাৰ্তাত প্ৰকাশ কৰে । শোকবাৰ্তাত আক্ৰাছুৰ সভাপতি আৰু সাধাৰণ সম্পাদকে বিদেহ আত্মাৰ শান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ৷
ইপিনে আক্ৰাছু নেতাগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰি শুকুৰবাৰৰ পৰা আক্ৰাছু আৰু ভাতৃ-ভগ্নী সংগঠনৰ জিলা, মহকুমা, আঞ্চলিক আৰু শাখা সমিতিসমুহে তিনিদিনলৈ পতাকা অৰ্ধনমিত কৰি ৰাখিব বুলি আক্ৰাছুৰ সাধাৰণ সম্পাদক গোকুল বৰ্মনে জনাইছে ৷
- Log in to post comments
- 14 views