লাহৰীঘাটৰ পৰা শ্বামিমুল ইছলাম
বহু কেইজন অভিজ্ঞ শিক্ষকৰ সবল প্ৰচেষ্টাত টেঙাগুৰিত গঢ় লৈ উঠা ইকৰা একচেলেঞ্চ একাডেমিত সম্প্ৰতি বৃহত্তৰ নৈ পৰীয়া অঞ্চলটোৰ এখন আগশাৰীৰ শিক্ষা অনুষ্ঠান হিচাপে খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে। ২০১৮বৰ্ষত পোন প্ৰথম বাৰৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্র-ছাত্ৰীসকলে ১০০ শতাংশ ফলাফল লাভ কৰি একাডেমিৰ লগতে অবিভাৱকসকলৰ মনলৈ অপাৰ আনন্দ কঢ়িয়াই আনিছিল ।
বিগত বৰ্ষৰ দৰে এই বেলিও চমকপ্ৰদ ফলাফল লাভ কৰিব বুলি সকলোৱে আশাবাদী । জিকিৰেৰে আৰম্ভ হোৱা আৰ্শীবাদ সভাত উপস্থিত থকা বহু আমন্ত্ৰিত অথিতিয়ে ছাত্র-ছাত্ৰীসকলক উদ্দেশ্য কৰি প্ৰেৰণামূলক সাৰুৱা বক্তব্য প্ৰদান কৰে ।
একাডেমীৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ লগতে আমন্ত্ৰিত অথিতিসকলে ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন ধৰণৰ দিশা পৰামৰ্শৱলীৰ লগতে ভৱিষ্যত জীৱনত আগবাঢ়ি যাবলৈ আৰ্শীবাদ প্ৰদান কৰে । সভাখনত একাডেমীৰ তিনি শতাধিক কণ কণ ছাত্র-ছাত্ৰী উপস্থিত থাকে।
- Log in to post comments
- 5 views