কৃষকক বীজ-সাৰ সময়মতে বিতৰণ নকৰাৰ প্ৰতিবাদত নগাঁৱত কৃষক মুক্তিৰ ধৰ্ণা

কৃষকক বীজ-সাৰ সময়মতে বিতৰণ নকৰাৰ প্ৰতিবাদত নগাঁৱত কৃষক মুক্তিৰ ধৰ্ণা

নগাঁৱৰ পৰা ৱাহিদুদ জামান

ৰাজ্য চৰকাৰে কৃষকৰ বাবে আবণ্টন দিয়া বীজ, সাৰ আদি সামগ্ৰী সময়মতে বিতৰণ নকৰাৰাৰ প্ৰতিবাদত আজি নগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে নগাঁও জিলা কৃষি বিভাগৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ।

প্ৰায় শতাধিক কৃষক মুক্তিৰ সদস্যই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি কৃষি বিভাগৰ লগতে ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধেও বিভিন্ন শ্লোগান দি উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে ।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নগাঁও জিলা সমিতিৰ সম্পাদক জীতেন বৰাই সংবাদ মাধ্যমৰ আগত অভিযোগ কৰি কয়- পঞ্চায়ত নিৰ্বাচনৰ দোহাই দি ৰাজ্যৰ মিত্ৰজোঁটৰ চৰকাৰে কৃষকক বীজ, সাৰ যোগান নধৰি কৃষি বিভাগৰ ভঁৰালত বীজ, সাৰ আদি আবদ্ধ কৰি ৰাখিছে ।

বিজেপি নেতৃত্বাধীন চৰকাৰখনে একনায়কত্ববাদী মনোভাবেৰে কৃষকক প্ৰতাৰণা কৰি আহিছে । কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তৎকালীনভাৱে কৃষি বিভাগক বীজ, সাৰ আদি সময়মতে যোগান ধৰিবলৈ দাবী জনায় ।

অন্যথা কৃষি বিভাগৰ বিৰুদ্ধে সমিতিয়ে ব্যাপক আন্দোলন গঢ়ি তুলিব বুলি চৰকাৰক সতৰ্ক কৰি দিয়ে । ইপিনে, কৃষক মুক্তিৰ নেতা জীতেন বৰাই কৃষিমন্ত্ৰী অতুল বৰাক কঠোৰ সমালোচনা কৰি কয়- মন্ত্ৰীগৰাকীয়ে কৃষি বিভাগ চলোৱাত ব্যৰ্থ হৈছে ।

কেৱল গাদী ৰক্ষাৰ স্বাৰ্থত মন্ত্ৰীগৰাকীয়ে ৰাইজক প্ৰতাৰণা কৰি আহিছে । তেওঁ কৃষিমন্ত্ৰীগৰাকীক কৃষক ৰাইজৰ স্বাৰ্থত কাম কৰিবলৈ দাবী জনায় ।

Your Comments