বিশ্বনাথ চাৰিআলিৰ পৰা ভাস্কৰ দাস
বিশ্বনাথত বিজেপি দলৰ পঞ্চায়ত প্ৰাৰ্থীয়ে হত্যা কৰিলে পিতৃক । লাঠিৰে মৰিয়াই হত্যা পিতৃক । পাৰিবাৰিক কন্দলৰ পৰিণতিতে সংঘটিত এই হত্যাকাণ্ড । বিশ্বনাথ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হত্যাকাৰী পঞ্চায়ত প্ৰাৰ্থীক ।
এজন পঞ্চায়ত প্ৰাৰ্থীয়ে পিতৃক হত্যা কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । এই ঘটনা সংঘটিত হৈছে বিশ্বনাথৰ অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ মহালক্ষী বস্তিত । জনা মতে, বিশ্বনাথৰ চেলাইখাটী গাঁও পঞ্চায়তৰ ২নং ৱাৰ্ডৰ বিজেপি দলৰ মনোনীত প্ৰাৰ্থী চুতু পাটৰে লাঠিৰে মৰিয়াই মৰিয়াই হত্যা কৰে বৃদ্ধ পিতৃক ।
নিহত পিতৃৰ নাম গুমচ পাটৰ (৬০)। উল্লেখ্য যে গুমচ পাটৰে মদ্যপান কৰি আহি কন্যা সন্তান মাইনু পাটৰক এডাল লাঠিৰে প্ৰহাৰ কৰিছিল । পিতৃৰ প্ৰহাৰৰ পৰা নিজকে কোনো মতে ৰক্ষা কৰে মাইনুৱে । কিন্ত এই সমস্ত ঘটনা প্ৰত্যক্ষ কৰি আছিল গুমচৰ পুত্ৰ তথা বিজেপি দলৰ ২নং ৱাৰ্ডৰ প্ৰাৰ্থী চুটু পাটৰে ।
লগে লগে চুটুৱে পিতৃৰ হাতৰ পৰা লাঠিডাল কাঢ়ি লৈ পিতৃক প্ৰহাৰ কৰে । পুত্ৰৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হয় পিতৃ । অৱশ্যে পিতৃক প্ৰহাৰ কৰি গুৰুতৰভাৱে আহত কৰা পুত্ৰই পিছত নিজেই চিকিৎসালয়লৈ পিতৃক লৈ যায় যদিও চিকিৎসালয়ত গোমচ পাটৰৰ মৃত্যু হয় । উল্লেখ্য যে গাঁওৰক্ষী বাহিনীৰ সম্পাদকে কোৱা মতে গোমচ পাটৰে দুগৰাকীকৈ বিয়া কৰাইছিল ।
ইয়াৰে দ্বিতীয় পত্নীৰ ইতিমধ্যে মৃত্যু হৈছে । এই দ্বিতীয় পত্নীৰে কন্যা সন্তান মাইনুক আক্ৰমণ কৰি মাৰধৰ কৰে আৰু ককায়েৰেক যেনেকৈ মাৰিছিলো তোকো তেনেদৰেই মাৰিম বুলি কৈছিল পিতৃয়ে ।
যাৰবাবে অতিষ্ঠ হৈ প্ৰথমা পত্নীৰ পুত্ৰ চুটুৱে নিজ পিতৃক লাঠিৰে মৰিয়াইছিল । ইফালে বিশ্বনাথ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হত্যাকাৰী পুত্ৰ তথা বিজেপি দলৰ পঞ্চায়ত প্ৰাৰ্থী চুটু পাটৰক ।
- Log in to post comments
- 45 views