বঙাইগাঁও আৰু মাণিকপুৰ মহকুমাত অহা ৯ ডিচেম্বৰত দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে নিযুক্ত কৰা প্ৰিজাইডিং আৰু প'লিং বিষয়াসকলক দেওবাৰে প্ৰশিক্ষণ প্ৰদান কৰা হয় ৷ উল্লেখ্য যে মহকুমা দুটাত মুঠ ২৮৯টা ভোট গ্ৰহণ কেন্দ্ৰ আছে ৷ এই ভোট গ্ৰহণ কেন্দ্ৰসমূহত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে জিলা নিৰ্বাচনী বিষয়াৰ দ্বাৰা ৩১৮জন প্ৰিজাইডিং বিষয়া, ৩১৮ জন প্ৰথম প'লিং বিষয়া, ৩১৮জন দ্বিতীয় প'লিং বিষয়া, ৩১৮জন তৃতীয় প'লিং বিষয়া আৰু ৩১৮জন চতুৰ্থ প'লিং বিষয়াক নিযুক্ত কৰা হৈছে ৷
সেয়ে নিৰ্বাচনী প্ৰক্ৰিয়া সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে প্ৰথম পৰ্যায়ত দেওবাৰে বীৰঝৰা কন্যা মহাবিদ্যালয়ত প্ৰিজাইডিং বিষয়া, প্ৰথম প'লিং বিষয়া আৰু দ্বিতীয় প'লিং বিষয়াসকলক প্ৰশিক্ষণ দিয়া হয় ৷ প্ৰিজাইডিং আৰু প'লিং বিষয়াসকলক জিলাৰ অতিৰিক্ত উপায়ুক্ত অশ্ৰুমণি মালাকাৰ আৰু কান্তা দাসৰ তত্ত্বাৱধানত মাষ্টাৰ প্ৰশিক্ষক জীৱন চন্দ্ৰ ৰয়, নিত্যবিনোদ ঔৱাৰী, অনুপম শৰ্মা, বিজয় মজুমদাৰ, কমল কৃষ্ণ গুপ্তা, সতীশ তালুকদাৰ আদিয়ে প্ৰশিক্ষণ প্ৰদান কৰে ৷ বাকী তৃতীয় আৰু চতুৰ্থ প'লিং বিষয়াসকলক পিচৰ পৰ্যায়ত প্ৰশিক্ষণ দিয়া হ'ব ৷
- Log in to post comments
- 13 views