নগাঁৱৰ পৰা ঋতুপৰ্ণ শৰ্মা
সমগ্ৰ ৰাজ্যতে শ্ৰীশ্ৰীকৃষ্ণৰ ৰাসলীলা চলি থকাৰ মাজতে নগাঁও জিলাৰ হাতীচোং মেধিচুকত ৰাস মহোৎসৱত মহিলা আৰু যুৱতীৰ ভাওনাই সকলোকে আপ্লুত কৰে । দুদিনীয়াকৈ আয়োজিত ৰাস মহোৎসৱৰ দ্বিতীয় দিনা স্থানীয় মহিলা আৰু যুৱতীসকলে পৰিৱেশন কৰে "সীতা হৰণ বালি বধ" ভাওনা । পোন প্ৰথমবাৰৰ গাঁৱৰ স্থানীয় মহিলা আৰু যুৱতী সকলৰ দ্বাৰা সুদক্ষ-সাৱলীল অভিনীত এই ভাওনাই উপস্থিত দৰ্শক-ৰাইজৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হয় ।
বৰ্তমান সময়ত পুৰুষৰ লগতে সমানে আগৱাঢ়িছে মহিলা আৰু যুৱতী সকলো । কোনো ক্ষেত্ৰতে যেন পিছ পৰি ৰোৱা নাই মহিলা আৰু যুৱতীসকল । তাৰে নিৰ্দশন দাঙি হাতীচোং মেধিচুকত অনুষ্ঠিত মহিলা আৰু যুৱতীসকলৰ ভাঁওনা "সীতা হৰণ বালি বধ" । এই মহিলা ভাওঁনা চাবলৈ কেইবা শতাধিক ৰাইজৰ পাৰ ভঙা উৎসাহ-উদ্দীপনা পৰিলক্ষিত হয় । আঘোণৰ শীতসনা সেমেকা নিশাকো নেউচি সকলো ব্যস্ত হৈ পৰিল ভাঁওনা চোৱাত । হাতত ধনু আৰু কাঁড়, গদা, তৰোৱাল আদি লৈ ভাঁওনা পৰিৱেশন কৰিলে বিপুল প্ৰতিভাৰ সন্ধানী মহিলাসকলে ।
এই ভাওনাত সাৱলীলভাৱে অভিনয় কৰা মহিলা আৰু যুৱতীসকল ক্ৰমে লক্ষ্মী মেধি, ভাৰতী দাস, ৰুমা দাস, জোনালী দাস, কুইন মেধি, নিৰলা দাস, জোনমণি দাস, জোনাকী দাস, হিমা দাস, জয়ন্তী দাস, লিলি দাস, কৰুণা দাস, গীতিকা দাস, অনিমা হাজৰিকা, ইন্দিৰা দাস, ৰঞ্জনা দাস, কবিতা দাস, অনিমা দাস আৰু মিনা দাসে ।
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা দেৱ কুমাৰ দাসে আনুষ্ঠানিকভাৱে উদ্বোধন কৰা এই ভাওনাৰ আৰম্ভণিতে প্ৰায় ডেৰ দশক ধৰি গাঁৱৰ ৰাস-ভাওনাত সূত্ৰধাৰৰ ভূমিকা পালন কৰি যোৱা শংকৰী কলা কৃষ্টিৰ সাধক বিষ্ণুৰাম মেধিক উদ্যাপন সমিতিয়ে আদৰণি জনোৱাৰ লগতে মুল গায়ন বাবুল চন্দ্ৰ মেধিকো আদৰণি জ্ঞাপন কৰে । মহিলা আৰু যুৱতীসকলে পৰিবেশন কৰা "সীতা হৰণ বালি বধ" ভাওনাৰ পৰিচালনা আছিল নীলকান্ত মেধি আৰু বিজেন চন্দ্ৰ দাসৰ ।
নিখুঁত ৰূপসজ্জা আৰু সাজসজ্জাৰ আৰঁত শিল্পী গোলাপ চন্দ্ৰ মেধিৰ অৱদানে ভাওনাখনিক আন এক মাত্ৰা প্ৰদান কৰিছিল । আনহাতে, দুদিনীয়াকৈ আয়োজিত ৰাস মহোৎসৱ সফল কৰি তোলাত ৰাস উদযাপন সমিতিৰ সভাপতি ভাস্কৰজ্যোতি মেধি আৰু সাধাৰণ সম্পাদক ৰাজেন চন্দ্ৰ দাসে সমূহ ৰাইজলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছে।
- Log in to post comments
- 73 views