শাসনাধিষ্ঠিত বিজেপি মিত্ৰজোট চৰকাৰৰ ভ্ৰষ্টাচাৰী শাসন তথা বিজেপিৰ খিলঞ্জীয়া বিৰোধী নীতিক মূল ইচ্ছুৰূপে লৈ ৰহাত কংগ্ৰেছে তীব্ৰতৰ কৰিছে পঞ্চায়ত নিৰ্বাচন প্ৰচাৰ । চাপৰমুখ জিলা পৰিষদয় সমষ্টিৰ অধীনস্থ দীঘলিআটি পঞ্চায়তত কংগ্ৰেছৰ দলৰ প্ৰচাৰ কাৰ্য তুংগত উঠিছে।
পঞ্চায়তটোত কংগ্ৰেছে প্ৰক্ষেপ কৰা উদ্যমী যুৱ নেতা তথা সভাপতি পদৰ প্ৰাৰ্থী লক্ষীকান্ত ডেকাৰজা আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ প্ৰাৰ্থী ৰুবী আহমেদে সমৰ্থকসহ দিন-ৰাতি একাকাৰ কৰি ভোটাৰ ৰাইজৰ কাষ চাপিছে, ঘৰে ঘৰে গৈ ৰাইজৰ আস্থা লাভৰ প্ৰয়াস কৰা পৰিলক্ষিত হৈছে । বিজেপি আৰু অগপ প্ৰাৰ্থীগৰাকীৰ প্ৰচাৰ অভিযানৰ তুলনাত কংগ্ৰেছৰ যুৱ প্ৰজন্মৰ এই দুগৰাকী প্ৰাৰ্থীৰ প্ৰচাৰ অভিযানে পঞ্চায়তটোত ভোটাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা পৰিলক্ষিত হৈছে৷
- Log in to post comments
- 23 views