মাজুলীত নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰত্যাহাৰ লৈ কংগ্ৰেছৰ প্ৰচাৰ 

ৈ

অহা ৫ ডিছেম্বৰত অনুষ্ঠিত হ'ব লগা প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সমষ্টি মাজুলীত নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে । মাজুলীত প্ৰধানত শাসকীয় বিজেপি, গনশক্তি মিত্ৰদল, কংগ্ৰেছ, অগপ আদি বিভিন্ন ৰাজনৈতিক দলৰ মাজতে আসন্ন পঞ্চায়ত নিৰ্বাচনত প্ৰতিদণ্ডিতা অনুষ্ঠিত হ'ব ।

প্ৰধান বিৰোধী কংগ্ৰেছ দলে এইবাৰ পঞ্চায়ত নিৰ্বাচনত জাতি ধ্বংসী বিধেয়ক নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ খন বাতিল কৰাৰ স্বাৰ্থত শাসকীয় বিজেপি বিৰোধী স্হিতি গ্ৰহণ কৰি কংগ্ৰেছৰ পক্ষত ভোট কৰিবলৈ ভোটাৰ ৰাইজৰ ঘৰে ঘৰে তীব্ৰ প্ৰচাৰ চলোৱা বুলি জানিবলৈ দিছে মাজুলী জিলা কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক অধীন শইকীয়াই । দলটোৰ ফালৰ পৰা প্ৰক্ষেপিত  প্ৰাৰ্থী তথা নেতা-কৰ্মীসকলে ঘৰে ঘৰে তামোল-পাণৰ শৰাই আগবঢ়োৱাৰ লগতে  বিমুন্দ্ৰাকৰণৰ ফলত সমগ্ৰ দেশত সৃষ্টিৰ হোৱা বিভিন্ন অৰাজতা, অতিৰিক্ত কৰৰ বোজা, জিএছটিৰ নামত হাৰাশাস্তি কৰা, এমজিএনৰেগা আচঁনিত জব শ্ৰমিকৰ কৰ্মদিন কমাই দিয়া আদি ইচ্ছুকলৈ ভোটাৰৰ মন আকৃষ্ট কৰাৰ চেষ্টা চলাইছে। সমান্তৰালভাৱে ৰাজ্য চৰকাৰৰ অন্যতম অংশীদাৰ দল অগপৰ দলেও মিহি মিহিকৈ ভোটাৰ ৰাইজৰ ওচৰত প্ৰচাৰ চলাইছে ।

ইপিনে বিজেপি, গনশক্তি মিত্ৰজোঁটৰ দলে বৃহৎসংখ্যক সমৰ্থকক লৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন জনহিতকৰ আঁচনিৰে ঘৰে ঘৰে প্ৰচাৰ    চলাইছে । জেংৰাই গাঁও বিজেপি গণশক্তি মিত্ৰজোঁটৰ দলে আজি ৭নং জেংৰাই গাঁও, ৮ নং জেংৰাই আমগুৰি, ৯ নং জেংৰাই চাপৰি আৰু ১০নং জেংৰাই বালি চাপৰিত নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰে ।

এই প্ৰচাৰ সভাত গণশক্তিৰ নেতা প্ৰেমধৰ দলে, ৰাজীৱ পেগু, দেৱকুমাৰ দলে, বিজেপিৰ নেত্ৰী মঞ্জু পেগু ৰয়, উজনি মাজুলী জিলা পৰিষদৰ প্ৰাৰ্থী দেৱজিৎ পাতিৰ, সভানেত্ৰী ৰিংকু দলে, আঞ্চলিক সদস্য ৰাজকাপোৰ পাতিৰ আদি উপস্থিত থাকি আসন্ন নিৰ্বাচনত মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলক ভোট দি জয়যুক্ত কৰিবলৈ ভোটাৰ ৰাইজক আহ্বান জনায়। ইপিনে বিজেপি গণশক্তি দলৰ মাজত মিত্ৰতা হোৱাৰ পিছত বঞ্চিত টিকেট প্ৰত্যাশীলোকে নিৰ্দলীয় হিচাপে প্ৰাৰ্থীত্ব আগবঢ়োৱা প্ৰাৰ্থী তথা সমৰ্থকক লৈ আজি পুনৰ মাজুলী মাজদেউৰীত এক সভা অনুষ্ঠিত হয় ।

মুখ্য মন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া কাশ্যপ প্ৰকাশ, বিধায়ক ডঃ ৰনোজ পেগু, দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মাধৱ দেউৰী, মিচিং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য নীলকান্ত দলেৰ সৈতে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদণ্ডিতা আগবঢ়োৱা প্ৰাৰ্থী তথা সমৰ্থসকলে আলোচনাত মিলিত হয় । নিৰ্দলীয় প্ৰাৰ্থীসকলে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰাৰ বাবে সন্মত হৈছে ।

Your Comments