মাজুলী আৰু ঢকুৱাখানা সীমান্তৱৰ্তী কেকুৰী গাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

s

ঢকুৱাখানাৰ সীমান্তৱৰ্তী এলেকা কেঁকুৰী চাপৰি নামৰ ঠাইত আজি এক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হয় । এগৰাকী মহিলাসহ দুই ছাত্ৰক নিমৰ্মভাৱে চোকা অস্ত্ৰ দাৰে ঘপিয়ালে আক্ৰমণ কৰে এজন মানসিক বিকাৰগ্ৰস্হ লোকে । থিতাতে নিহত হ'ল মহিলাগৰাকী । সংকটজনক অৱস্থাত বৰ্তমান গড়মূৰ পীতাম্বৰদেৱ অসামৰিক চিকিৎসালয়ত দুই ছাত্ৰক ভৰ্তি কৰা হৈছে ।

ইফালে অঞ্চলৰ ৰাইজে হানি খুচি হত্যাৰ চেষ্টা মহিলা হত্যাকাৰীক । মাজুলীৰ সীমামূৰীয়া ঢকুৱাখানাৰ সোণাৰী চাপৰি আৰক্ষী চকীৰ অন্তৰ্গত উজনি পমুৱা কেঁকুৰী গাঁৱৰ মণিকান্ত নামৰ ব্যক্তিজনে একে গাঁৱৰে পমুৱা প্ৰাথমিক বিদ্যালয়ৰ ৰান্ধনী পল্লৱী পেগু (৩৬)ক বিদ্যালয়লৈ আহি থাকোঁতে ৰাস্তাত কোনো কাৰণ নোহোৱাকৈ ঘপিয়াই দিয়ে ।

বিদ্যালয়লৈ আহি থকা পল্লৱীৰ  কনমানি পুত্ৰ জ্ঞান পেগু নামৰ ছাত্ৰজনকো চোকা দাৰে ঘপিয়াই দিয়ে । এই দুয়োটা ঘটনা সংঘটিত কৰি হত্যাকাৰীজনে পুনৰ নিৰণ পেগু নামৰ দশম শ্ৰেণীৰ ছাত্ৰজনক ৰাস্তাত পাই দা খনেৰে পূৰ্ণ হতীয়া ঘাপ দিয়ে । এই হত্যাকাণ্ড সংঘটি কৰি হত্যাকাৰী নিৰণ পেগুৱে মাজুলীৰ দিশে পলায়ন কৰাৰ চেষ্টা কৰে যদিও স্থানীয় ৰাইজে হত্যাকাৰীজনক খেদি খেদি দা-যাঠিৰে হানি খুচি অৱস্থা সংকটজনক কৰি তোলে ।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰা লগতে নিৰণ পেগুক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে । হত্যাকাণ্ডটোৱে ইতিমধ্যে সমগ্ৰ মাজুলীৰ লগতে ঢকুৱাখনাত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে ।

Your Comments